পাৰ্থ প্ৰতীম বৰ্মন কেনেকৈ হ’ল KLO ৰ দুধৰ্ষ নেতা ? ৭২ ঘণ্টাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই কোকৰাঝাৰ কাণ্ডৰ মূল অভিযুক্ত

পাৰ্থ প্ৰতীম বৰ্মন কেনেকৈ হ’ল KLO ৰ দুধৰ্ষ নেতা ? ৭২ ঘণ্টাৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই কোকৰাঝাৰ কাণ্ডৰ মূল অভিযুক্ত

ডিজিটেল সংবাদ কোকৰাঝাৰ: চাঞ্চল্য সৃষ্টিকাৰী ছেৰফাংগুৰী গুলীচালনাৰ ঘটনাই ৭২ ঘণ্টা অতিক্ৰম কৰিলে যদিও অদ্যপি মূল অভিযুক্তক আৰক্ষীয়ো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । আৰক্ষীয়ে ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক গুলীচালনা কৰাৰ মূল অভিযুক্তক চিনাক্তকৰণ কৰিবলৈ সক্ষম হৈছে আৰু দুৰ্ষ্কৃতিকাৰীটোক কৰায়ত্ব কৰিবলৈ জাল মেলিছে যদিও অদ্যপি মুল অভিযুক্ত পলাতক হৈ আছে ।

ইপিনে ম্যানমাৰৰ পৰাই নিৰ্দেশনা দি থকা কেএলঅ'ৰ দুধৰ্ষ নেতা পাৰ্থ প্ৰতিম বৰ্মনৰ শেহতীয়া স্থিতিক লৈ আৰক্ষীও শংকিত হৈ পৰিছে । কেএলঅ'ৰ অতি দুধৰ্ষ নেতা ৰূপে পৰিচিত পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেল শেহতীয়াভাৱে অতি সক্ৰিয় হৈ পৰিছে । শেহতীয়াভাৱে কিছু কোচ ৰাজবংশীৰ যুৱক কেএলঅ' লৈ ধাৱিত হৈছে আৰু তাৰ আঁৰত পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ হাত আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

২০০৮ চনতে কেএলঅ' লৈ যোৱা পাভেলৰ ইমানদিনৰ নিষ্ক্ৰিয়তাৰ পিছত হঠাতে কিয় সক্ৰিয় হৈ পৰিল তাৰ কাৰণ বিশ্লেষণো আৰম্ভ কৰিছে অসম আৰক্ষীয়ে । আনহাতে সম্পূৰ্ণ সুসজ্জিত হৈ পাভেলে প্ৰতিশোধ লব পাৰে নেকি তাকো সাৱধানতাৰে পৰীক্ষা কৰিছে আৰক্ষীয়ে। কিয়নো পাভেলৰ আছে এক বেদনাদায়ক অতীত, যি অতীতৰ বাবেই পাভেল কেএলঅ' যোগদান কৰিছিল ।

কেনেদৰে, কিয় পাভেলে যোগদান কৰিছিল কেএলঅ'ত ?

২০০৮ চনৰ চৌতাৰাৰ ৰে'ল লাইনত হাত -ভৰি বন্ধা অতি মুমুৰ্ষ অৱস্থাত অৱস্থাত এগৰাকী যুৱক উদ্ধাৰ হৈছিল । সৌভাগ্যক্ৰমে ৰে'লে দুটুকুৰা কৰাৰ পূৰ্বেই যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিছিল আৰু চিকিৎসা কৰাৰ অন্তত যুৱকজন সুস্থ হৈছিল । প্ৰকৃততে চৌতাৰাৰ মিলন নগৰৰ এগৰাকী বিশেষ সম্প্ৰদায়ৰ ঔষধৰ দোকানীয়ে কোচ ৰাজবংশী সম্প্ৰদায়ৰ যুৱতীক বিবাহ কৰিবলৈ বিচাৰোতেই স্থানীয় ৰাইজে ধৰি বান্ধি উত্তম মাধ্যম দিছিল আৰু পৰিণতিত দূৰ্ভাগ্যজনকভাৱে যুৱকজন মৃত্যুমুখত পৰিছিল ।

ইয়াৰ পৰিণতিতে সেই সময়ত চৌতাৰাত উত্তেজনাই বিৰাজ কৰিছিল আৰু দুইপক্ষৰ এনে যুযুধান স্থিতিৰ বলি হৈছিল পাৰ্থ প্ৰতীম বৰ্মন । সেই সময়ত অতি নিৰ্জু প্ৰকৃতিৰ লৰা পাৰ্থ প্ৰতীম বৰ্মনক অকলে পাই একাংশ সংখ্যালঘূ লোকে খুব বেয়াকৈ প্ৰহাৰ কৰি ৰে'ল আলিত পেলাই থয় । জীৱনটো ঘূৰাই পোৱাৰ পিছতে আৰু কিছু সুস্থ হোৱাৰ পিছতে ২০০৮ চনতে পাৰ্থ প্ৰতীম বৰ্মন কেএলঅ'ত যোগদান কৰে আৰু আজি কেএলঅ'ৰ মজিয়াত পাৰ্থ প্ৰতীম বৰ্মনক বাপ্পা ওৰফে পাভেল বুলি জনা যায় ।

সম্প্ৰতি ম্যানমাৰত থকা পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলে হাতত অত্যাধুনিক উদ্যত মাৰাণাস্ত্ৰ লৈ কি সংকেত দিব বিচাৰিছে সেয়া বোধগম্য নহয় যদিও হঠাৎ পাভেলৰ আত্মপ্ৰকাশে প্ৰশাসনক চিন্তাত পেলাইছে ।

নিজ পূত্ৰক মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান মাতৃৰ

উচ্চতৰ মাধ্যমিক অনুত্তীৰ্ণ পাভেল কেএলঅ'ত যোগদানৰ পিছত পৰিয়ালত সৃষ্টি হ'ল হাহাকাৰ । পিতৃ -মাতৃ, দুই ভাতৃ , তিনি ভগ্নীৰে ভৰা সুখৰ সংসাৰত হঠাতে যেন কাল অমানিশা নামি আহিল । পাভেল গ'ল যি গ'লেই আৰু কোনো খবৰ নাই ।

দিনবোৰ গৈ থাকিল কিন্তু পাভেলৰ কোনো খবৰ নাই । মাকে দুচিন্তাতে বেমাৰক আঁকোৱালি ললে । ভগ্নীৰ বিবাহ হ'ল । মাকে ভাৱিলে তেওঁৰ মৰমৰ পাৰ্থ হয়তো ইহজগতত নাই । কিন্তু হঠাতে পাৰ্থ লাইমলাইটলৈ অহাত আজি সংবাদ মাধ্যমৰ আগত পাৰ্থ প্ৰতীম বৰ্মনৰ মাতৃয়ে কান্দি কান্দি সংবাদমাধ্যমৰ আগত মূলসুঁতিলৈ ঘূৰি আহিবলৈ পাৰ্থক আহ্বান জনায় ।

ঘৰত কোনো নাই বোপা , আমি দুজনে থাকো , মোৰ হাৰ্টৰ বেমাৰ, সোনকালে ঘৰলৈ ঘূৰি আহা বুলি কাতৰ আহ্বান জনাইছে মাতৃয়ে । ইপিনে তেওঁৰ জীয়ৰী নবনীতা বৰ্মন ব'থ্ৰা আৰু জোঁৱাই বিকাশ ব'থ্ৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে ।

তেওঁৰ পুত্ৰ পাৰ্থ প্ৰতীম বৰ্মনৰ সতে কন্যা নবনীতা বৰ্মন ব'থ্ৰাৰ যোগাযোগ আছিল বুলি সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ কয় – পাৰ্থক মই মৰা বুলিয়ে ভাৱিছিলো । কোনো যোগাযোগ নাছিল । এতিয়াহে গম পালো ছোৱালীৰ সতে যোগাযোগ আছিল । সি বাচি আছে । এজন ভাতৃয়ে নিজ ভগ্নীৰ সতে যোগাযোগ ৰাখিব বিচাৰিবই, হয়তো ঘৰৰ খা-খবৰ লোৱাৰ বাবে । ইয়াত একো অস্বাভাৱিকতা একো নাই । কিন্তু আৰক্ষীয়ে মোৰ কন্যা -জোঁৱাইক তাৰ বাবেই গ্ৰেপ্তাৰ কৰিছে । অনুগ্ৰহ কৰি তেওঁলোকক এৰি দিয়ক , তেওঁলোকৰ একো দোষ নাই । পাৰ্থ তেনেকুৱা ল'ৰা নাছিল , চৌতাৰাত বিশেষ সম্প্ৰদায়ৰ ল'ৰাবোৰে মাৰাৰ পিছতে সি তেনেকুৱা হ'ল । সেই যে গল আৰু এতিয়া লৈ ঘূৰি নাহিল । পাৰ্থক মূলসুঁতিলৈ ঘূৰি আহি ঘৰৰ দায়িত্ব লবলৈ আহ্বান জনাইছে তেওঁৰ মাতৃয়ে।

ইপিনে কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী নাৰাবাৰীৰ গুলীচালনাৰ ঘটনাক লৈ কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেএলঅ' পাভেলৰ ভগ্নী তথা মডেল নবনীতা বৰ্মন ব'থ্ৰা তেওঁৰ স্বামী বিকাশ ব'থ্ৰা, স্থানীয় যুৱক ক্ৰমে উত্তম ৰায় , মৃদুল ৰায় , কেএলঅ' নীতু ৰায়ৰ ভাতৃ গৌৰ চন্দ্ৰ ৰায় আৰু প্ৰাক্তন কেএলঅ' নিৰ্মল দাসক আজি আদালতত হাজিৰ কৰাৰ পিছত আদালতে দুদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে।

আনহাতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই আৰক্ষীয়ে কোকৰাঝাৰৰ পৰা নতুনকৈ আৰু কোনো লৰা কেএলঅ'ত যোগদানৰ তথ্য নাই বুলি সদৰি কৰি সন্ত্ৰাসবাদ , অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in