‘দ্য লিট’ল হিৰ’- হাইদৰলৈ আহিছে এটা ভাল খবৰ…

‘দ্য লিট’ল হিৰ’- হাইদৰলৈ আহিছে এটা ভাল খবৰ…

ডিজিটেল ডেস্কঃ হাইদৰলৈ আহিছে ভাল খবৰ। 'দ্য লিট'ল হিৰ'- হাইদৰ' শীৰ্ষক প্ৰতিবেদন পঢ়াৰ পাছতেই ৮ বছৰীয়া হাইদৰৰ প্ৰতি বহুতৰে আগ্ৰহ আৰু আন্তৰিকতা বাঢ়িছে। এন আৰ চিত পৰিয়ালৰ সকলোৰে নাম আহিছে যদিও নাম নাই হাইদৰৰ। এন আৰ চিত নাম নহাৰ বাবে শংকিত হৈ পৰিছিল শিশুটি।

২০১৭চনৰ ১৫ আগষ্টত ১১৮৫ নং নস্কৰ প্ৰাথমিক বিদ্যালয়ত ডিঙিৰ লৈকে বানত বুৰি পতাকা উত্তোলন কৰিছিল হাইদৰে। সেইদিনাই হাইদৰৰ খবৰ ৰাষ্ট্ৰজুৰি প্ৰচাৰ হৈছিল। তাৰ এবছৰৰ পাছত ধুবুৰীৰ দক্ষিণ শালমাৰাৰ বৰখুলী নস্কৰ গাঁৱৰ এই দেশপ্ৰেমী শিশুটি সংবাদমাধ্যমৰ বাবে এন আৰ চিত নাম নহাৰ বাবে এটা 'ডাঙৰ খবৰ' হৈছিল।

হাইদৰৰ দেউতাকক ২০১১চনত গোসাঁইগাঁৱত হত্যা কৰিছিল দুৰ্বৃত্তই। তাৰ পাছত চৰম আৰ্থিক সংকটৰ মাজতো পঢ়িবলৈ ইচ্ছা কৰা হাইদৰক মাকে লোকৰ ঘৰত হাজিৰা কৰি পঢ়াইছে। হাইদৰে দেউতাকে পেলনীয়া সামগ্ৰীৰ সংগ্ৰহ কৰি সেইবোৰ বিক্ৰীৰে পৰিয়ালটো চলাইছিল। তাৰ পাছত কঠিন জীৱন সংগ্ৰামত ব্ৰতি হ'বলগীয়া হৈছে চাৰিজনীয়া পৰিয়ালটো। সেইবোৰ খবৰ দিবলৈ যেন আজৰি নাই কাৰো।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ পাইছিল হাইদৰৰ মনৰ খবৰ। মুখ্যমন্ত্ৰীক পঢ়াত সহায় কৰিবলৈ হাইদৰে আহ্বান জনাইছিল। এই কণমানি শিশুটিৰ আহ্বান আৰু অনুৰোধ মুখ্যমন্ত্ৰীৰ কাণত নপৰিলেও হাইদৰৰ দুখৰ কাহিনী পঢ়ি শিশুটিক পঢ়াত সহায় কৰিবলৈ আগবাঢ়ি আহিছে এগৰাকী লোক।

দেশপ্ৰেমিক হাইদৰক প্ৰতি মাহে এহাজাৰ টকাকৈ পঢ়াৰ খৰচ দিবলৈ আগবাঢ়ি আহিছে অভিজিৎ চিৰিং। CMS IT চাৰ্ভিছত কৰ্মৰত তিনিচুকীয়াৰ অভিজিতে প্ৰতিমাহে হাইদৰৰ মাকৰ বেংক একাউণ্টত হাইদৰৰ পঢ়া-শুনাৰ বাবে এক হাজাৰ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। হাইদৰৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে অভিজিতৰ এনে উদ্যোগক ধন্যবাদ জনাইছে।

অনলাইযোগে ইতিমধ্যে হাইদৰৰ মাক জয়গান খাতুনৰ নামত থকা এছ বি আই একাউণ্টত প্ৰথম মাহৰ বাবে এই ধন প্ৰেৰণ কৰিছে অভিজিতে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সহযোগত অভিজিতে এইদৰে হাইদৰক সহায় কৰিবলৈ পাই নিজেই সুখী বুলি মন্তব্য কৰি কয়- 'মই যৎসামান্য সহায় কৰিছো ল'ৰাটোক। প্ৰচাৰৰ বাবে এনে কৰা নাই। আপোনালোকৰ খবৰে মোক তেনে কৰিবলৈ প্ৰেৰণা দিলে। এইবোৰ কথা বাতৰি কৰিব নালাগে।'

উল্লেখযোগ্য যে, হাইদৰৰ সেই কৰুণ জীৱন গাঁথাই বহুতৰ অন্তৰ চুই গছিল। বাস্তৱত এনেবোৰ খবৰ 'খবৰ' হৈয়ে সময়ত হেৰাই যায়। কিন্তু এই প্ৰতিবেদন বাস্তৱতে হাইদৰক কিছু সকাহ দিলে। ডাঙৰ হৈ সেনা হ'ব খোজা হাইদৰৰ সেই সপোন পূৰণ হওঁক। কণমানি দেশপ্ৰেমিক হাইদৰৰ চকুত এতিয়াৰে পৰা বিৰিঙি উঠক উজ্বল ভৱিষতৰ নতুন সপোন।

কণমানি হাইদৰৰ জীৱনৰ কৰুণ গাঁথা পঢ়িবলৈ ক্লিক কৰক 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in