উত্তৰাখণ্ডত বনজুইৰ ভয়াৱহ ৰূপ

উত্তৰাখণ্ডত বনজুইৰ ভয়াৱহ ৰূপ

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত বনজুয়ে এক ভয়াৱহৰূপ ধাৰণ কৰিছে। ইতিমধ্যে প্ৰায় ৬৩ হেক্টৰ বনাঞ্চল বনজুইৰ কবলত পৰিছে। বিগত ২৪ ঘন্টাত প্ৰায় ৪৫ খন বনাঞ্চললৈ প্ৰসাৰিত হৈছে বনজুই।

জানিব পৰা মতে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে বনজুই নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহায় কামনা কৰিছে। মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰই ইতিমধ্যে দুখন হেলিকপ্টাৰ আৰু এন ডি আৰ এফৰ দল উত্তৰাখণ্ডলৈ প্ৰেৰণ কৰিছে।

অতিশীঘ্ৰে যদি বনজুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম নহয় তেন্তে এই বনজুইয়ে ৰাজ্যখনৰ কৰবেট ৰাষ্ট্ৰীয় উদ্যানক গ্ৰাস কৰিব বুলি আশংকা কৰা হৈছে। ৰাজ্যখনৰ মন্ত্ৰী হৰক সিং ৰাৱতে জনোৱা মতে, ৯৬৪ টা স্থানত জুই সম্প্ৰসাৰণ হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰায় ১০ হাজাৰ বনকৰ্মীক নিয়োজিত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in