ভাৰত পালেহি এছ-৪০০ঃ আকাশতেই বাধা দিব পাৰিব শত্ৰু পক্ষৰ মিছাইল, ড্ৰোন, বিমান…

ভাৰত পালেহি এছ-৪০০ঃ আকাশতেই বাধা দিব পাৰিব শত্ৰু পক্ষৰ মিছাইল, ড্ৰোন, বিমান…

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰি ভাৰত পালেহি ৰাছিয়াত নিৰ্মিত শক্তিশালী বায়ু প্ৰতিৰক্ষা প্ৰণালী এছ-৪০০। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়তে ভাৰতৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী এছ-৪০০ আগতীয়াকৈ যোগান ধৰাৰ আশ্বাস দিয়া হৈছিল। সেই আশ্বাস অনুসৰিয়েই এই শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থাপনাৰ সামগ্ৰীৰ প্ৰথমটো গোট ভাৰত পালেহি। আনহাতে ইয়াৰ দ্বিতীয়টো গোট অহা বছৰ আহি পোৱাৰ সম্ভাৱনা আছে।

ভাৰতে বায়ু প্ৰতিৰক্ষা প্ৰণালী এছ-৪০০ মুঠ ৫ টা গোট লাভ কৰিব। চীন আৰু পাকিস্তানৰ দ্বাৰা উদ্ভৱ হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতক এছ-৪০০ ৰ প্ৰয়োজন আছিল। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত আৰু ৰাছিয়াৰ মাজত এই এছ-৪০০ লৈ হোৱা চুক্তিৰ বিৰোধিতা পূৰ্বৰে পৰা কৰি আহিছিল।

জানিব পৰা মতে এছ-৪০০ প্ৰণালীটো পঞ্জাৱ খণ্ডত স্থাপন কৰা হৈছে। ইয়াৰ পৰা ই পাকিস্তান আৰু চীন দুয়োৰে ভাবুকিৰ মোকাবিলা কৰিব পাৰিব। অক্টোবৰ ২০১৮-ত ভাৰত আৰু ৰাছিয়াৰ মাজত হোৱা চুক্তি অনুসৰি ভাৰতে এছ-৪০০লাভ কৰিছে। বিশ্বৰ আটাইতকৈ আধুনিক বায়ু প্ৰতিৰক্ষা প্ৰণালী হিচাপে বিবেচিত এছ-৪০০ ৰ সৈতে বায়ু মণ্ডলত ভাৰতৰ শক্তি অভেদ্য হৈ পৰিব। প্ৰণালীটোৱে ৪০০ কিলোমিটাৰ পৰিসৰত শত্ৰুৰ মিছাইল, ড্ৰোন আৰু বিমান বতাহত আক্ৰমণ কৰিব পাৰে।

এছ-৪০০ হৈছে এনে এক বায়ু প্ৰতিৰক্ষা প্ৰণালী যি এয়াৰ-টু-এয়াৰ আক্ৰমণ প্ৰতিহত কৰে। ই শত্ৰু দেশসমূহৰ মিছাইল, ড্ৰোন, ৰকেট লঞ্চাৰ আৰু যুঁজাৰু বিমানৰ আক্ৰমণ প্ৰতিহত কৰাত কাৰ্যকৰী। ইয়াক ৰাছিয়াৰ এলমাজ চেণ্ট্ৰেল ডিজাইন ব্যুৰোৱে নিৰ্মাণ কৰিছে।এই প্ৰণালীক বিশ্বৰ আটাইতকৈ আধুনিক বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ ভিতৰত গণ্য কৰা হয়। ভাৰত আৰু ৰাছিয়াই ২০১৮ চনত এছ-৪০০ ৰ ৫ টা ইউনিটৰ বাবে প্ৰায় ৪০ হাজাৰ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in