ৰজনীকান্তৰ দৰবাৰ…

ৰজনীকান্তৰ দৰবাৰ…

ডিজিটেল ডেস্কঃ দক্ষিণৰ চুপৰাষ্টাৰ ৰজনীকান্তৰ ছবি মানেই এখন হিট ছবি। অভিনয় জীৱনত বয়সৰ ওচৰত হাৰ নমনা ৰজনীকান্তৰ শেহতীয়া ছবি '২.০' কো দৰ্শকে আদৰি লৈছিল। মঙলবাৰে ৰজনীকান্তৰ আহিবলগীয়া আন এখন ছবিৰ পোষ্টাৰ মুকলি কৰা হয়। ছবিখনৰ নাম 'দৰবাৰ'। খবৰ অনুসৰি ছবিখনৰ শ্বুটিঙৰ কাম ১০ এপ্ৰিলৰ পৰা মুম্বাইত আৰম্ভ হ'ব। ২০২০ চনত মুক্তি দিয়া হ'ব ছবিখন।

'দৰবাৰ' ছবিখনৰ পৰিচালক এ আৰ মুগুৰদাস, সংগীত পৰিচালনা কৰিছে অনিৰুদ্ধ ৰবিচন্দ্ৰনে। দক্ষিণৰ মোহময়ী অভিনেত্ৰী নয়নতৰাই ৰজনীকান্তৰ বিপৰীতে ছবিখনত অভিনয় কৰিব। উল্লেখ্য যে, ১১ বছৰে বিৰতিৰ মূৰত ৰজনীকান্ত আৰু নয়নতৰাক একেলগে দেখা যাব ছবিখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in