প্ৰতিভাৱান যুৱ শিল্পী ৰাজ মেধিৰ বিয়োগ, নগাঁও জিলাত শোকৰ ছাঁ…

প্ৰতিভাৱান যুৱ শিল্পী ৰাজ মেধিৰ বিয়োগ, নগাঁও জিলাত শোকৰ ছাঁ…

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী আইলক্ষ্মী ঘাট পকামূৰা সত্ৰ নিৱাসী ৰাজ মেধি নামৰ এজন প্ৰতিভাৱান যুৱ শিল্পীৰ বিয়োগত সমগ্ৰ নগাঁও জিলাত শোকৰ ছাঁ পৰিছে। ২৫ বছৰীয়া ৰাজ মেধিৰ বিগত ৮ মাহ ধৰি পাকস্থলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰথমে নগাঁও পাছত গুৱাহাটী আৰু দিল্লীত চিকিৎসাধীন হৈ অৱশেষত সোমবাৰে নিশা নিজ বাসগৃহত বিয়োগ হয়।

ৰাজ মেধি শৈশৱৰ পৰা অভিনয়, চিত্ৰকলা, সংগীত চৰ্চাৰ লগতে ৰূপসজ্জাত অঞ্চলটোৰ ভিতৰত জনপ্ৰিয় আছিল। কেইবাখনো নাটক, চুটি ছবিৰ চিত্ৰনাট্য লিখাৰ উপৰিও হাজোত মৃত্যু হোৱা সনাতন ডেকা জীৱন ভিত্তিত 'কালসন্ধ্যা' নামৰ এখন ছবি নিৰ্মাণ কৰি পৰিচালনা কৰিছিল। অসমৰ বহু মঞ্চত অভিনয় কৰা মেধি নগাঁও জিলাৰ বিভিন্ন গাঁৱৰ নাটক, ভাওনা, ৰাসত মেকআপ আৰ্টিষ্ট হিচাপে নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল।

উল্লেখ্য যে, চিকিৎসাৰত অৱস্থাত কেম লোৱাৰ আগমূহুৰ্ততো ৰাইডঙীয়াত নিশা ভাওনা শিল্পীৰ মেকআপ কৰি শিল্পীসত্বাৰ চিনাকি দিছিল। এইদৰে বহু প্ৰতিভাৰ অধিকাৰী উদীয়মান শিল্পী ৰাজ মেধিয়ে সকলোকে কন্দুৱাই চিৰ বিদায় লোৱাৰ পাছত সমগ্ৰ নগাঁও জিলাত শোকৰ ছাঁ পৰিছে। মেধৰি বিয়োগত ৰাইডঙীয়া যুৱক বৃন্দ, আইভেটি যুৱক বৃন্দ, শিল্পী সমাজে ৰাইডঙীয়া, প্ৰজন্ম সাংস্কৃতিক গোষ্ঠী আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত ৰাজ মেধিয়ে পিতৃ-মাতৃ, দুই ভাতৃ সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in