শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

বিশ্ব স্বাস্থ্য সংস্থাৰ সঁকিয়নি : সামূহিক ৰূপত সচেতন নহ’লে কোৰোণাত মৃত্যুৰ আশংকা ২০ লাখ…

614

ডিজিটেল ডেস্ক: বিশ্বত কোৰোণা মহামাৰীৰ এই দূৰ্বিসহ সময়চোৱাত কোৰোণাত আক্ৰান্ত হৈ মৃত্যুহোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। অশেষ চেষ্টাৰ পিছতো বৰ্তমানেও কোৰোণা জয় কৰিবলৈ সক্ষম হোৱা নাই বিশ্ববাসী। ইয়াৰ মাজতে শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ সঁকিয়াই দিয়ে যে, ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰাথমিক পৰ্যায়ৰ পৰা যদি কোনো ব্যৱস্থা গ্ৰহন কৰা নহয়, তেতিয়া কোভিডত আক্ৰান্ত হৈ মৃত়্যু হোৱা লোকৰ সংখ্যা ২০ লাখ অতিক্ৰম কৰাৰ আশংকা কৰা হৈছে।

সংস্থাই প্ৰকাশ কৰিছে যে, মহামাৰীৰ সতে যুঁজিবলৈ হলে বিভিন্ন দেশৰ লোক সকল যদি একগোট নহয় তেতিয়া ১০লাখ অধিক লোকৰ মৃত্যু নুই কৰিব নোৱাৰি।সংস্থাৰ আপাতকালীন কাৰ্যক্ৰমৰ নিদৰ্শক মাইকেল ৰেয়ানে এক ভিডিঅ কনফাৰেন্স যোগে কয় যে, ১০ লাখ কোৰোণাক্ৰান্ত হোৱা বিষয়টো খুবেই ভয়াৱহ, তেনেক্ষেত্ৰত আৰু অধিক ১০ লাখৰ বিষয়ে চিন্তা কৰাৰ আগতে বৰ্তমান আক্ৰান্ত সকলৰ কথা চিন্তা কৰাৰ প্ৰয়োজন।  অন্যথা আমি দুৰ্ভাগ্যৱশত অধিক মৃত্যুৰ মুখামূখি হ’ব লাগিব।    

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি