দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত একে সময়তে চলিল CBI ৰ অভিযান : কেইবাজনো বিষয়াক আটক…

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত একে সময়তে চলিল CBI ৰ অভিযান : কেইবাজনো বিষয়াক আটক…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কেলংকাৰী সন্দৰ্ভত দেশৰ বিভিন্ন স্থানত একে সময়তে চলিল চি বি আইৰ অভইযান। দেওবাৰে নিশাৰে পৰা অসমৰ লগতে চুবুৰীয়া মেঘালয় আৰু অন্যান্য কেইবাখনো ৰাজ্যত চলা চি বি আইৰ এই অভইযানৰ পিছতেই ৰাষ্ট্ৰীয় ঘইপথ নিৰ্মাণৰ বিভিন্ন কেলংকাৰীত জড়িতে কেইবাজনো বিষয়া তথা কৰ্মচাৰীক চি বি আইয়ে আটক কৰিছে।

মেঘালয়, মিজোৰাম আৰু অৰুণাচলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মিত ঘাইপথ নিৰ্মাণ প্ৰকল্প সমূহত সংঘটিত হোৱা দুৰ্নীতি, অনিয়ম তথা জালিয়াতিৰ সন্দৰ্ভত একে সময়তে চলিছিল এই বৃহৎ অভিযান। আনহাতে গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষৰ কাৰ্যালয় আৰু জি আৰ ইনফ্রা নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ কাৰ্যালয়টো চলোৱা হয় অভিযান।

এই অভিযান কালত ঘাইপথ কৰ্তৃপক্ষৰ ২ গৰাকী বিষয়াৰ লগতে জি আৰ ইনফ্রা নামৰ প্ৰতিষ্ঠানটোৰো ৩ গৰাকী বিষয়াক চি বি আইৰ দিল্লীৰ পৰা অহা বিশেষ গোটে গুৱাহাটী কাৰ্যালয়ৰ সহযোগত আটক কৰাৰ উপৰিও বহু সংখ্যক আপত্তিজনক নঠিপত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে।

আটক কৰা সকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ কণিষ্ঠ গাণনিক দীপক দাস, মনোজ কুমাৰ। এওঁলোক দুজনৰ উপৰিও জি আৰ ইনফ্ৰা নামৰ প্ৰতিষ্ঠানটোৰ প্রকল্পৰ বিষয়া সুনিল আগৰৱালা, পংকজ চাৰন, দিলীপ ৰাজপুতকো আটক কৰিছে।

দিল্লীৰ পৰা অহা চি বি আইৰ এই বিশেষ গোটে আটকাধীন বিষয়া কেইজনৰ ভিতৰত দিলীপ ৰাজপুতক বাদ দি বাকী চাৰিওজনকে চি বি আইৰ আদালতত হাজিৰ কৰে। উল্লেখ্য যে দেশৰ বিভিন্ন প্রান্তত একে সময়তে চলা এই অভইযানত আন বহু কেইটা স্থানতো কেইবাজনো বিষয়াক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্রীয় ঘাইপথ নিৰ্মাণত হোৱা কেলেংকাৰী সন্দৰ্ভত চলা এই অভিযান অসমৰ গুৱাহাটীৰ উপৰিও শিলচৰ, মেঘালয়ৰ শ্বিলং, গুৰুগ্রাম, বেংগাৰুলুৰু আদিতো চি বি আইয়ে অভিযান চলাইছে। এই সমস্ত দুৰ্নীতি তথা কেলংকাৰী ২০০৮-২০১০ৰ ভিতৰত ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত হৈছিল।

চি বি আইৰ প্ৰাথমিক তদন্তত অসম-মেঘালয়, মিজোৰামৰ ৰাষ্ট্রীয় ঘাইপথ নিৰ্মাণৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষৰ বিষয়াই ৬নং ৰাষ্ট্রীয় ঘাইপথ নিৰ্মাণৰ বাবে মাহিলী ১লাখকৈ টকা সংগ্রহ কৰিছিল বুলি প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in