কৃষক বিৰােধী ক’লা আইন বাতিলৰ দাবীত নাঙল-যুঁৱলি-কোৰ লৈ গৰৈমাৰীত ব্লক-যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী সমদল…

কৃষক বিৰােধী ক’লা আইন বাতিলৰ দাবীত নাঙল-যুঁৱলি-কোৰ লৈ গৰৈমাৰীত ব্লক-যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী সমদল…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত শনিবাৰে বিজেপি চৰকাৰৰ কৃষক বিৰােধী ক'লা আইন বাতিলৰ দাবীত কংগ্ৰেছী কৰ্মকৰ্তা সকলে উত্তাল প্ৰতিবাদী সমদল-ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ জানিব পৰা মতে গৰৈমাৰী ব্লক কংগ্রেছ কমিটিৰ উদ্যোগত ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সহযােগত শণিবাৰে গৰৈমাৰী ৰাজীৱ ভৱনৰ পৰা এখনি প্ৰতিবাদী সমদল উলিওৱা হয়৷

প্ৰতিবাদকাৰী কংগ্ৰেছী কৰ্মকৰ্তাসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড, নাঙল-যুঁৱলি, কোৰ আদি কৃষি সঁজুলি লৈ সমদল উলিয়াই বিজেপি চৰকাৰ মুৰ্দাবাদ-গ'বেক-হুঁচিয়াৰ, কৃষকৰ ওপৰত অত্যাচাৰ কৰা নচলিব, নৰেন্দ্ৰ মোডী-অমিত শ্বাহ-সৰ্বানন্দ সোণোৱাল গ'বেক, কৃষকক বণিয়াৰ ওচৰত বিক্ৰী কৰা নচলিব, দেশৰ কৃষক বিৰোধী ক'লা আইন বাতিল কৰা, কৃষক বিৰোধী বিজেপি চৰকাৰ নিপাত যাওক, কৃষকক কৰা শোষণ-বঞ্চনা সহ্য কৰা নহ'ব, কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰা আদি শ্ল'গান দি আকাশ-বতাহ মুখৰিত কৰি তোলে৷

পিচত প্ৰতিবাদকাৰীসকলে গৰৈমাৰী বজাৰ চাৰিআলি চ'কত উপস্থিত হৈ কিছুসময়ৰ বাবে ৰাজপথ অৱৰোধ কৰি অনুৰূপ শ্ল'গান দিয়ে৷ অৱশ্যে সেইসময়ত উক্ত স্থানত উপস্থিত থকা ছয়গাঁও থানাৰ অ'চি কপিল পাঠক, গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমেন্দ্ৰ সিনহাৰ হস্তক্ষেপত উক্ত প্ৰতিবাদী কাৰ্যসূচী সম্পন্ন কৰিবলগীয়া হয়৷

উক্ত কাৰ্যসূচীত গৰৈমাৰী ব্লক কংগ্রেছ কমিটিৰ সভাপতি ছামছুল হক, ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি নজমুল হক (বাবু), সাধাৰণ সম্পাদক ছাইদুল ইছলাম, গৰৈমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি লোকমান হুছেইন, আচলপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰেজ্জাক, হাতীশলা-ভলুকাবাড়ী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মোৱাৰক হুছেইন, হাতীপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জয়নাল আব্দিন, এন এছ ইউ আইৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক জাহাংগীৰ আলম, হাতীপাৰা মণ্ডল যুৱ কংগ্ৰেছৰ সভাপতি জাকিৰ হুছেইন, ৰাইজুদ্দিন, কাবেল শিকদাৰসহ বহুসংখ্যক কংগ্ৰেছৰ কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in