বকোত সুগন্ধি ঔষধি গছৰ বাগিছাৰ শুভাৰম্ভ কৰিলে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সঞ্চালক ড৹জি.নৰহৰি শাস্ত্ৰীয়ে…

বকোত সুগন্ধি ঔষধি গছৰ বাগিছাৰ শুভাৰম্ভ কৰিলে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সঞ্চালক ড৹জি.নৰহৰি শাস্ত্ৰীয়ে…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত আজি সুগন্ধি ঔষধি গছৰ বাগিছা এখনৰ শুভাৰম্ভ কৰা হয়।৪৮নং বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাজাপাৰাৰ এৰ'মা মিছন ইণ্ডিয়া নামৰ কোম্পানীৰ স্বত্বাধিকাৰী বিশিষ্ট উদ্যোগপতি তথা চিত্ৰনলা খেতিয়ক শান্তিকুমাৰ জৈনৰ ঔদ্যোগিক এলেকাৰ ভিতৰত ঔষধি বাগিছাখনৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সঞ্চালক ড° জি. নৰহৰি শাস্ত্ৰীয়ে । ঔষধি বাগিছাখনৰ শুভাৰম্ভ কৰাৰ পিছতে বিভাগে উৎপাদন কৰা উন্নত জাতৰ সুগন্ধি আৰু ঔষধি গছ চিত্ৰনলা,পাচাউলি আৰু অমৰলতা ৰোপন কৰে।শুভাৰম্ভণি ভাষণত সঞ্চালক শাস্ত্ৰীয়ে ইতিমধ্যে ভাৰতবৰ্ষত ব্যৱসায়ীক ভিত্তিত সুগন্ধি ঔষধি গছৰ খেতি কৰি বহু খেতিয়কে লাভবান হৈছে বুলি সদৰি কৰে ।

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এনে খেতি আৰম্ভ হৈছে যদিও অসমত আশাকৰা ধৰণে এতিয়ালৈকে এই খেতিৰ প্ৰতি খেতিয়ক সকলে আশাকৰা ধৰণে আকৰ্ষিত হোৱা নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। সঞ্চালক গৰাকীয়ে অসমৰ খেতিয়কক সকলো ধৰণে সহায়-সহযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰি সুগন্ধি ঔষধি গছৰ খেতি কৰিবলৈ আহ্বান জনায়। সম্প্ৰতি বজাৰত এনে গছৰ চাহিদা অধিক গতিকে নিৱণুৱাৰ বাবে সুগন্ধি ঔষধি গছৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। আজিৰ শুভাৰম্ভণি অনুষ্ঠানত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিজ্ঞানী ড৹ সিদ্ধান্ত প্ৰতীম শইকীয়া আৰু ড৹মোহন লালেও অংশ গ্ৰহণ কৰে।

বিজ্ঞানী ড৹ সিদ্ধাৰ্থ প্ৰতীম শইকীয়াই এই ক'ৰোনা সংক্ৰমণৰ সময়ত অমৰলতা গছৰ ৰস পান কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি পাব বুলি জানিবলৈ দি এই ক্ষেত্ৰ তেওঁ নিজেই প্ৰথম প্ৰমাণ বুলিও দৃঢ়তাৰে কয়। অমৰলতা গৰম পানীত পোন্ধৰ মিনিট উতলাই দৈনিক খালে ৰোগ প্ৰতিৰোধ শক্তি শৰীৰত বৃদ্ধি পাব বুলি জানিবলৈ দিয়ে বিজ্ঞানী ড৹ শইকীয়াই। অনুষ্ঠানত ব্যৱসায়ী অমিতা জৈনেও অংশ গ্ৰহণ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in