চলি আছিল বাজেট অধিৱেশন, কিন্তু সদনত বহি সাংসদে মোবাইলত চাই আছিল…

চলি আছিল বাজেট অধিৱেশন, কিন্তু  সদনত বহি সাংসদে মোবাইলত চাই আছিল…

ডিজিটেল ডেস্কঃ নিলৰ্জ্জ, বাতৰিটো পঢ়ি আপোনাৰ মনলৈও প্ৰথমে এইটো শব্দয়েই মুখলৈ আহিব। এগৰাকী জনপ্ৰতিনিধিৰ কৰ্মকাণ্ডত শেহতীয়াকৈ লৰ্জ্বিত হৈছে এখন দেশ। সদনত বহি জনতাৰ সমস্যাবোৰ উত্থাপন কৰাৰ সলনি এগৰাকী সাংসদ বাজেট অধিৱেশনত ব্যস্ত থাকিল অশ্লীল ছবি চোৱাত।

ঘটনাতো সংঘটিত হৈছে থাইলেণ্ডত। বাজেট অধিৱেশন চলি থকাৰ সময়তে সদনত উপস্থিত থকা এগৰাকী সাংসদ ব্যস্ত থাকিল মোবাইলত অশ্লীল ছবি চোৱাত। সাংসদগৰাকীৰ এই কাণ্ডত চকু পৰিল এগৰাকী সাংবাদিকৰ। কেমেৰাৰ লেন্সত সাংবাদিকগৰাকীয়ে এই দৃশ্যও সংগ্ৰহ কৰিলে।

বৰ্তমান এই ঘটনাই কেইবাটাও আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে। প্ৰকাশিত খবৰ অনুসৰি, সাংসদগৰাকীয়ে মোবাইলত ইমানেই ব্যস্ত আছিল যে মুখত মাস্ক লগাবলৈও পাহৰি গল। বৰ্তমানলৈ সাংসদগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in