তেজপুৰত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতি, নিৰ্মাণৰ ১২ ঘন্টা নহওঁতেই বখলা বখলে এৰাইছে পথ, VIDEO

তেজপুৰত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত দুৰ্নীতি, নিৰ্মাণৰ ১২ ঘন্টা নহওঁতেই বখলা বখলে এৰাইছে পথ, VIDEO

ডিজিটেল সংবাদ, তেজপুৰঃ পৰিবৰ্তনকামী বিজেপি চৰকাৰৰ শাসন কালত তেজপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত সংঘটিত হোৱা কোটি টকীয়া কেলেংকাৰীয়ে সম্পূৰ্ণৰূপে উদঙাই দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গড়কাপ্তানী বিভাগৰ উন্নয়নৰ ফোপোলা স্বৰূপ। উল্লেখ্য যে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে নিশা প্ৰায় ৭ বজাত জৰাজীৰ্ণ হৈ পৰা ১৫ নং ৰাস্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰিছিল।

কিন্তু শুকুৰবাৰে পুৱা চিকিৎসা মহাবিদ্যালয়ৰ সমীপত পথটোৰ বৃহৎ এলেকা এফালৰ পৰা বখলা বখলে এৰি যোৱা দেখি স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰে। ৰাইজে পথটো নিৰ্মাণৰ নামত সংঘটিত অবাধ দুৰ্নীতি, অনিয়মৰ প্ৰতিবাদ কৰি এলেকাটোত এফালৰ পৰা এৰাই যোৱা অংশ পুনৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰে।

গড়কাপ্তানী বিভাগৰ ঠিকাদাৰে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ ক্ষেত্ৰত অতি নিম্ন মানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰো ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।  পথটোৰ নিৰ্মাণৰ অবাধ দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰৰ বিৰুদ্ধে অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in