জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেজপুৰৰ বিহগুৰিত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেজপুৰৰ বিহগুৰিত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, তেজপুৰঃ চৰকাৰে গভীৰ ষড়যন্ত্ৰমূলকভাৱে গৃহীত কৰিব বিচৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক- ২০১৬ ৰ বিৰুদ্ধে শোণিতপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰি তেজপুৰৰ বিহগুৰিত ৰাজপথ উত্তাল কৰি তোলে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ সভাপতি চিত্ৰ গগৈৰ নেতৃত্বতে বিহগুৰিৰ বিভিন্ন প্ৰান্তৰৰ পৰা সদস্য সকলে সোমবাৰে নিশা পিঠাখোৱাৰ পৰা কেব বিৰোধী এক বৃহৎ জোঁৰ সমদল উলিয়ায়।

জোঁৰ সমদলত অংশ গ্ৰহণ কৰা ৰাইজে বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ গ‌' বেক, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিল কৰক, জাতিধ্বংসী কেব মানি নলও, বিজেপি চৰকাৰ মুৰ্দাবাদ, ইনক্লাব জিন্দাবাদ, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি শ্লোগানেৰে ৰাজপথ কপাই তোলে।

কৃষক নেতা চিত্ৰ গগৈয়ে কয়, আমি কোনো কাৰণতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬  মানি নলও। কেবে অসমক সম্পূৰ্ণৰূপে ধ্বংস কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজো হাতে হাতে প্লে'কাৰ্ড, বেনাৰ লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে। অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ শোণতপুৰ জিলাৰ সাধাৰণ সম্পাদক বিপ্লব কোচ আৰু কেন্দ্ৰীয় সভাপতি ৰাজীৱ দাসকে ধৰি বহু নেতা কৰ্মীয়েও কাৰ্যসূচীত অংশ লৈ কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in