চাকৰি কিয় লাগে! নবিলৰ অৰ্জুনে তৰমুজৰ খেতিৰে ৮০দিনত উপাৰ্জন কৰিলে ২০লাখ টকা…

চাকৰি কিয় লাগে! নবিলৰ অৰ্জুনে তৰমুজৰ খেতিৰে ৮০দিনত উপাৰ্জন কৰিলে ২০লাখ টকা…

ডিজিটেল সংবাদ, তেজপুৰঃ মন কৰিলেই ছন বাকৰি মাটিতে ধন … অসমৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে এটা চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰি জীৱন জীৱিকাৰ সন্ধানত হতাশ হৈ পৰাৰ সময়তে তেজপুৰৰ কেইজনমান শিক্ষিত তথা আদৰ্শ যুৱ কৃষক কৃষি কৰ্ম আৰু উৎপাদনমুখী চিন্তাৰে নিবনুৱাক স্বাবলম্বী হোৱাৰ এক সোণোৱালি পথ দেখুৱাইছে ।এফালে মৃত্যুদূত ৰূপী কৰণাৰ ভয়াবহ সংক্ৰমন আৰু আনফালে গাভৰু নদীৰ চৰ ভূমি চহ কৰি শিক্ষিত নিবনুৱাৰ কৃষি কৰ্মৰে জীৱন গঢ়াৰ সোণোৱালি স্বপ্ন । এনে সময়তে কৰণাৰ সংক্ৰমনে সৃষ্টি কৰা ভয়াবহ পৰিস্থিতিৰ সকলো প্ৰত্যাহ্বান নেওচি তেজপুৰ কাৱৈমাৰীৰ বৰভীলৰ শিক্ষিত তথা আৰ্দশ যুৱ কৃষক অৰ্জুন কুৰ্মীয়ে গাঠিৰ ধন ভাঙি গাভৰু নদীৰ বালিচৰত অতি কষ্টৰে তৰমুজৰ খেতি কৰি মাত্ৰ ৭৫ পৰা ৮০ দিন মানৰ ভিতৰতে প্ৰায় ২০ লাখৰো অধিক টকা উপাৰ্জনৰে শিক্ষিত নিবনুৱাক স্বাৱলম্বী হোৱাৰ এক সোণোৱালি পথ দেখুৱাইছে । 

অসম চৰকাৰৰ কৃষি বিভাগৰ পৰা তিলমানো সহায় নোহোৱাকৈয়ে অৰ্জুন কুৰ্মীয়ে নিজা প্ৰচেষ্টাতে এইদৰে তৰমুজ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে নাঙলৰ শিৰলুত স্বাৱলম্বী হোৱাৰ সোণোৱালি সপোন দেখা তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী বৃহত্তৰ কাৱৈমাৰী অঞ্চলৰ চাৰিজন যুৱ কৃষকে কপালৰ ঘাম কৃষি ভূমিত পেলাই গাভৰু নদীৰ পাৰৰ ২২ বিঘাকৈ কৃষি ভূমিত প্ৰচুৰ পৰিমানে তৰমুজ উৎপাদন কৰাত বৰ্তমান সময়ত ব্যস্ত হৈ পৰিছে । সুদীৰ্ঘদিন ধৰি কৃষি কাৰ্য্যৰ সৈতে জড়িত হৈ অহা ২ নং বৰপুখুৰীৰ ডম্বৰু নাথ , বৰগাঁও চাপৰিৰ শ্যামল বসুমতাৰী , নবিলৰ গণেশ নেৱাৰ আৰু বৰভীলৰ অৰ্জুন কুৰ্মীয়ে গাভৰু নদীৰ পাৰত অবস্থিত ২২ মাটিত যৌথ ভাৱে তৰমুজ খেতি আৰম্ভ কৰিছে ।

এইক্ষেত্ৰত আৰ্দশ যুৱ কৃষক চাৰি জনে নবিল আৰু গাৱৈয়া অঞ্চলত অবস্থিত তৰমুজ খেতিৰ থলীত আজি এই প্ৰতিবেদকক জনোৱা মতে ২২ বিঘা মাটিত তৰমুজ খেতি কৰাৰ বাবে ৬০ হাজাৰৰো অধিক টকাৰ উন্নত জাতৰ বীজ ক্ৰয় কৰিছে । তদুপৰি  সম্পুৰ্ন বিজ্ঞান সন্মত ভাৱে তৰমুজৰ খেতি কৰাৰ বাবে গুটিৰোপনৰ কাৰনে তৈয়াৰ  কৰা ওখ ভেটি সমুহৰ ওপৰত দিবলৈ কেইবা হাজাৰ মিটাৰ পলিথিন ক্ৰয় কৰাকে ধৰি এতিয়া লৈকে ৩ লাখ ৭০ হাজাৰৰো অধিক টকা খৰচ কৰিছে  আৰু ফচল চপোৱাৰ সময়লৈকে চাৰি লাখৰো অধিক টকা খৰচ হব । আনহাতেদি গাভৰু নদীৰ পাৰত অৱস্থিত তৰমুজ খেতিৰ পাম খনত যুৱ কৃষক চাৰিজনে দুটা পৰ্য্যায়ত তৰমুজৰ খেতি কৰিছে । নিচেই পুৱাতে কান্ধত কোৰ লৈ পামত উপস্থিত হোৱা চাৰিও জন আৰ্দশ কৃষকে সকলো প্ৰয়োজনীয় কাম নিজেই  কৰে ।

ইতিমধ্যে প্ৰথম পৰ্য্যায়ত কৰা তৰমুজ খেতিত তৰমুজৰ ফুল ফুলাৰ লগতে ফচলো লাগিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে দ্বিতীয় পৰ্য্যায়ৰ তৰমুজ খেতিৰ বাবে বৃহৎ পৰিমানৰ কৃষি ভূমিত বীজ ৰোপন কৰি আছে । ইফালে গাভৰু বালিচৰত চাৰিওজন শিক্ষিত যুৱকে বিজ্ঞান সন্মত ভাৱে কৰা এই তৰমুজৰ খেতি এতিয়া সকলোৰে আৰ্কষনৰ কেন্দ্ৰ হৈ পৰিছে । উল্লেখ্য যে যৌথ ভাৱে তৰমুজৰ এই খেতি কৰাৰ উপৰি চাৰিওজন যুৱ কৃষকে ব্যক্তিগত ভাৱেও বিভিন্ন ধৰনৰ খেতি কৰি বছৰি যথেষ্ঠ উৰ্পাৰ্জন কৰিবলৈ সক্ষম হৈছে । সেই অনুসৰি বৰভীলৰ অৰ্জুন কুৰ্মীয়ে ২০২০ বৰ্ষত ব্যক্তিগত ভাৱে গাভৰু নদীৰ বালিৰ চৰত ৪০ বিঘা মাটিত তৰমুজ খেতি কৰি  মাত্ৰ ৭৫ দিনৰ ভিতৰতে ২০ লাখৰো অধিক উপাৰ্জন কৰে ।

প্ৰতি বৰ্ষত দুবাৰকৈ তৰমুজৰ খেতি কৰি অহা অৰ্জুনে ২০২১ বৰ্ষতো ৪০ বিঘাকৈ সৰ্বমুঠ ৮০ বিঘা মাটিত তৰমুজ খেতি কৰি যথেষ্ঠ লাভান্বিত হোৱা বুলি জানিবলৈ দিছে। তৰমুজ খেতিৰ উপৰি অৰ্জুনে ২০ বিঘাৰো অধিক মাটিত বিভিন্ন জাতৰ ধানৰ খেতিও কৰি আহিছে । একেদৰে দুই নং বৰপুখুৰীৰ উদ্যমী যুৱ কৃষক ডম্বৰু নাথে প্ৰতি বছৰে ২ বিঘা মাটিত ওডিচী ৩ ভেৰাইটিৰ হাইব্ৰীড চজিনাৰ খেতি , আধা বিঘা মাটিত ভোট জলকীয়া খেতি , ১৬ বিঘা মাটিত বিভিন্ন জাতৰ ধানৰ খেতি , আধা বিঘা মাটিত কুণ্ডুলী খেতি , আধা বিঘা মাটিত বিলাহী খেতি , এবিঘা মাটিত ভোল খেতি , আধা বিঘা মাটিত কচু খেতি আৰু বৃহৎ পৰিমানে কলৰ খেতি কৰাৰ উপৰি ১৮ টা ছাগলীও পুহিছে ।

আনহাতেদি বৰগাঁও চাপৰিৰ আৰ্দশ যুৱ কৃষক শ্যামল বসুমতাৰীয়ে সমবায় ভিত্তিত এটা দহ জনীয়া গোটৰ সৈতে বিগত বৰ্ষত ১০৮ বিঘা মাটিত খেতি কৰি ২৭ কুইন্টল মটৰ আৰু ৫০ কুইন্টল মচুৰৰ উপৰি বৃহৎ পৰিমানে বাদামো উৰ্পাজন কৰে । তদুপৰি ব্যক্তিগত ভাৱে থকা ৬ বিঘাৰ ফিচাৰিৰ পৰাও বছৰি তিনি লাখৰো অধিক টকা উৰ্পাজন কৰি আহিছে ।

ইফালে নবিলৰ গণেশ নেৱাৰে পাঁচ বিঘা মাটিত তামোলৰ খেতি আৰু ৩০০ জোপা নেমুৰ খেতি কৰাৰ উপৰি প্ৰতিবছৰে কমেও ১ বিঘা মাটিত বিলাহী , ৫ বিঘাত তিল , আধা বিঘাত আলু , সাত বিঘাত সৰিয়হৰ খেতি কৰাৰ লগতে বৃহৎ পৰিমানে জলকীয়া , ভোল , হালধি , কল উৎপাদন । আনহাতেদি গণেশ নেৱাৰে খেতিৰ সমান্তৰাল ভাৱে ২০ টাৰো অধিক ছাগলী পালন কৰিও যথেষ্ঠ উপাৰ্জন কৰি আহিছে । ইফালে  এইক্ষেত্ৰত অসম চৰকাৰৰ কৃষি বিভাগে আজিকোপতি এই চাৰি জন আৰ্দশ যুৱ কৃষকক কোনো ধৰনে সহায় কৰা বুলিও অভিযোগ উঠিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in