মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লোৱা মহিলা সকলক প্ৰদান কৰা হ’ব চেক, ২৮ নবেম্বৰত তেজপুৰত বিশাল সভা…

মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ লোৱা মহিলা সকলক প্ৰদান কৰা হ’ব চেক, ২৮ নবেম্বৰত তেজপুৰত বিশাল সভা…

ডিজিটেল সংবাদ, তেজপুৰঃ ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনত ঘোষণা কৰা প্ৰতিশ্ৰতি অনুসৰিয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত এক বিশাল সভাত মাইক্ৰ' ফাইনেঞ্চৰ ঋণ লোৱা ৰাজ্যৰ মহিলাসকলক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিব । তেজপুৰৰ কলেজিয়েট হাইস্কুল খেলপথাৰত এই সন্দৰ্ভত  অহা ২৮ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হবলগীয়া এক সভাত নিজেই উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে এই চেক বিতৰণী কাৰ্যৰ শুভাৰম্ভ কৰিব বুলি দেওবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে তেজপুৰত এই কথা প্ৰকাশ কৰিছে । 

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in