অন্তিম মুহূৰ্তত দৃশ্যপট সলনি! তেজপুৰত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব নাপাব পাৰে ভানুৱে…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ তেজপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিব বুলি প্ৰায় নিশ্চিত হৈছিল এম জি ভি কে ভানু। কিন্তু শেহতীয়া খবৰ অনুসৰি এই সমষ্টিটোত কংগ্ৰেছে ভানুৰ বিপৰীতে বৰচলা সমষ্টিৰ প্ৰাক্তন বিধায়ক টংকবাহাদুৰ ৰায়েহে টিকট লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। তৰুণ গগৈৰ বিৰোধিতা, আৰ পি শৰ্মাই বিজেপিৰ পৰা টিকট নোপোৱা আৰু আন কিছু ৰাজনৈতিক কাৰণত শেষ মুহূৰ্তত টিকটৰ পৰা বঞ্চিত হ'ব পাৰে এম জি ভি কে ভানু।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে স্পষ্টভাৱে জনাইছিল যে তেজপুৰ সমষ্টিত ভানুক টিকট দিয়াত তেওঁ বিৰোধিতা কৰিছিল।এই সমষ্টিটোৰ পৰা এজন প্ৰবীণ কংগ্ৰেছীয়েহে টিকট লাভ কৰিব লাগে বুলি তেওঁ দাবী কৰিছিল। ইফালে, এম জি ভি কে ভানুৱে সমষ্টিটোত টিকট লাভ কৰিম বুলি প্ৰায় নিশ্চিত হৈ শুকুৰবাৰে কেবাটাও দলীয় কাৰ্যালয় মুকলি কৰিছিল। তাৰে এটা কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত ভাগ লৈ দ্বিতীয়টো কাৰ্যালয়ৰ পূৰ্ব নিৰ্ধাৰিত সভালৈ যোৱাৰ বিপৰীতে হঠাৎ গুৱাহাটীলৈ আহিছিল এম জি ভি কে ভানু।

'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ খবৰ অনুসৰি, কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ভানুক এইদৰে গুৱাহাটীলৈ হঠাৎ তলব কৰাৰ কাৰণ হ'ল এই সমষ্টিটোত তেওঁৰ বিপৰীতে টংকবাহাদুৰ ৰায়ক টিকট দিবলৈ লোৱা সিদ্ধান্তৰ কথা জনাবলৈকে গুৱাহাটীলৈ মাতি অনা হৈছিল।

আনহাতে, শুকুৰবাৰে পুৱা 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে টংকবাহাদুৰ ৰয়ৰ সৈতে যোগাযোগ কৰাত পূৰ্বতে নিৰ্বাচন নেখেলো বুলি কোৱা ৰায়ে সুৰ সলাই হাই কামাণ্ডে যি নিৰ্দেশ দিয়ে তাকে মানিবলৈ তেওঁ প্ৰস্তুত বুলি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত প্ৰদান কৰিলে।

দলীয় নেতৃত্বই যি দায়িত্ব দিয়ে, সেয়া পালন কৰিবলৈ প্ৰস্তুত বুলি জানিবলৈ দি ৰায়ে লগতে কয়- সকলো কথা এতিয়াই ক'বলৈ সোনকাল হৈ আছে। প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাছতেই তেওঁ বাকীবোৰ কথা ক'ব পাৰিব বুলি মন্তব্য কৰি ভানু সন্দৰ্ভত সোধা প্ৰশ্ন এৰাই চলে।

আৰ পি শৰ্মাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান নকৰাত সমষ্টিটোত থকা নেপালী সম্প্ৰদায়ৰ ভোট তেওঁ লাভ কৰিব নেকি বুলি সোধাত এই সন্দৰ্ভতো তেওঁ মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে। কিন্তু কংগ্ৰেছ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এসময়ৰ ৰাজ্যৰ প্ৰভাৱশালী আমোলা এম জি ভি কে ভানুক প্ৰক্ষেপ কৰিও শেষ মুহূৰ্তত আৰ পি শৰ্মাই টিকট নোপোৱাৰ পাছত সেই নেপালী সম্প্ৰদায়ৰ ভোটৰ প্ৰতি লক্ষ্য ৰাখি টংকবাহাদুৰ ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা বুলিও আলোচনা চলিছে।

আন এক সূত্ৰ অনুসৰি, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজনৈতিক অংকৰ বাবেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ব পাৰে ভানু। কিয়নো কলিয়াবৰ সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে এই সমষ্টিটোত গৌৰৱ গগৈৰ জয়ী হোৱাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ হৈ পৰে। পূৰ্ব নিৰ্বাচনতো কলিয়াবৰ সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থীগৰাকীয়ে ২,৩১,২৯৫টা  ভোট লাভ কৰিছিল।

গৌৰৱ গগৈয়ে ৪৪৩,৩১৫টা ভোট লাভ কৰি জয়ী হোৱাৰ বিপৰীতে বিজেপিৰে মৃণাল কুমাৰ শইকীয়াই ৩৪৯,৪৪১টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল। লক্ষণীয় যে, সেই সময়ত বহু কেইটা বিধানসভা সমষ্টিত আছিল কংগ্ৰেছৰ বিধায়ক। শেহতীয়াকৈ সেই সমষ্টিবোৰৰ অধিকাংশই বিজেপি আৰু অগপৰ দখলত আছে।

তেনে পৰিপ্ৰেক্ষিতত এই সমষ্টিটোত অগপ-বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ ২০১৯ৰ লোকসভা নিৰ্বাচনী যুঁজত জয় লাভৰ পথ মচ্ৰিন নহয়। পুত্ৰ গৌৰৱ গগৈৰ জয় নিশ্চিত কৰাৰ স্বাৰ্থত আৰু তেজপুৰত হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত যাতে কোনো প্ৰত্যাহ্বান এম জি ভি কে ভানুৱে সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবেই শেষ মুহূৰ্তত কংগ্ৰেছৰ তেজপুৰৰ প্ৰাৰ্থীগৰাকী সলনি কৰিব বুলি ধাৰণা কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in