লকডাউনঃ ৰাজ্যৰ চহৰ নগৰৰ অলিয়ে-গলিয়ে জপনা মাৰি ৰাইজে নিষিদ্ধ কৰিছে বাহিৰৰ লোকৰ প্ৰৱেশ…

লকডাউনঃ ৰাজ্যৰ চহৰ নগৰৰ অলিয়ে-গলিয়ে জপনা মাৰি ৰাইজে নিষিদ্ধ কৰিছে বাহিৰৰ লোকৰ প্ৰৱেশ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ৰাজ্যবাসী ক্ৰমাৎ চিন্তিত হৈছে। এই মহামাৰীক ৰোধ কৰাৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে বিভিন্ন জনে। ইয়াৰ অংশস্বৰূপে বন্ধ কৰি দিয়া হৈছে একাংশ ৰাজপথো। অচিনাকী কোনো লোক কোৰোনাৰ বাহকৰূপে যাতে নিৰ্দিষ্ট এলেকাসমূহত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে তেজপুৰ চহৰৰ বিভিন্ন অঞ্চলটো কোনো অচিনাকী লোকৰ প্ৰৱেশৰ লগতে অঞ্চলবাসীও বৰ্হি ঠাইলৈ যাব নোৱাৰাকৈ বন্ধ কৰিছে ৰাজপথ।

কোৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, ৰাজ্যত এতিয়ালৈকে ২০ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। কোৰোনাৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ সময়ত ৰাইজৰ এনে পদক্ষেপক বিভিন্নজনে শলাগ লৈছে। অৱশ্যে এনে কাৰ্যৰ দ্বাৰা জৰুৰীকালীন সেৱাৰ লোকসকল অসুবিধাৰ সন্মুখীন হ'ব বুলিও মন্তব্য কৰিছে আন একাংশ লোকে। কিয়ো বহু ঠাইত গাত খান্দি, খুটা পুতি, জপনা অঁৰাৰ উপৰি আন প্ৰতিবন্ধকতাৰে প্ৰৱেশ নিষিদ্ধ কৰিবলৈ যাওঁতে নিশাৰ ভাগত যদিহে সেই পথেৰে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন অথবা এম্বলেঞ্চ আদি যাব লগা হয় তেনে পৰিস্থিতিত নিশ্চিতভাৱেই এই প্ৰতিবন্ধকতাসমূহে বিশেষ অসুবিধাৰ সৃষ্টি কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in