তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক

তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক

ডিজিটেল সংবাদ, তেজপুৰঃ খাদ্যৰ সন্ধানত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই ৰূপাই অভয়াৰণ্যৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত শুকুৰবাৰে নিশা তেজপুৰ বিহগুৰিৰ আৰিমৰা চাপৰিত এজন পমুৱা কৃষকৰ মৃত্যু হয়। বন বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই জাৰনিত কৃষকজনৰ মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ তুলি ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃস্টি কৰে। 

ঘৰ দুৱাৰ ভাঙি বনৰীয়া হাতীয়ে চলোৱা এই আক্ৰমণত ঘটনাস্থলীতে ভূৱন বনিয়া (৬৫) নামৰ লোকজন নিহত হোৱাৰ ঘটনাই মন্ত্ৰী পৰিমল শুক্ল বৈদ্য নেতৃত্বাধীন বন বিভাগৰ স্বৰূপটো সম্পূৰ্ণৰূপে উদঙাই দিছে। ঘটনা স্থলীৰ পৰা জানিব পৰা মতে, বিহগুৰিৰ ছাগলীচুবুৰী অঞ্চলৰ বাসীন্দা কৃষক ভূৱন বনিয়াই দীৰ্ঘদিন ধৰি আৰিমৰা চাপৰিত পমুৱা হিচাপে কৃষিকাৰ্য্য কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল। সেই অনুসৰি আন দিনাৰ দৰে কাম কৰি নিজৰ পাম ঘৰত জিৰণী লৈ থকাৰ সময়তে নিশা ৭ মান বজাত বনৰীয়া হাতীৰ এটা বৃহৎ দলে অৰ্তকিতে ঘৰটোত আক্ৰমণ চলাই।

প্ৰাণৰ মমতাত লোকজনে বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে আন্ধাৰৰ মাজতে নিৰাপত্তা বিচাৰি  ঘৰৰ পৰা ওলাই আন ঠাইলৈ দৌৰি যোৱাৰ চেষ্টা চলাই। কিন্ত নিৰাপত্তা বিচাৰি হাহাকাৰ কৰা লোকজনক বনৰীয়া হাতীয়ে ঘৰৰ কাষতে নৃশংসভাৱে  গচকি হত্যা কৰে। প্ৰাণৰ মমতাত লোকজনে  'মোক বচা মোক বচা' বুলি চিঞৰাৰ সময়তে বনৰীয়া হাতীৰ নৃশংস আক্ৰমণত ঘটনাস্থলীতে লোকজনে অকালতে মৃত্যুক আকোৱালি লয়। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি আৰিমৰা চাপৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু বন বিভাগৰ লোক উপস্থিত নোহোৱালৈকে লোকজনৰ মৃতদেহ নিবলৈ নিদিয়ে বুলি হংকাৰ দিয়ে।

এইক্ষেত্ৰত জাৰনিৰ ক্ষুদ্ধ ৰাইজে বনবিভাগৰ বিৰুদ্ধে অভিযোগ তুলি কয়, প্ৰায় ৭০-৮০ টা বনৰীয়া হাতীৰ  এটা বৃহৎ দলে বিগত এমাহ ধৰি অঞ্চলটোৰ শ শ বিঘাৰ পকা ধান খাই এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। সমগ্ৰ বিহগুৰি অঞ্চলটোত শ শ বিঘাৰ পকা ধান খাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ পাছতো বন বিভাগে কোনো ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰাত ৰাইজে ১৬ নবেম্বৰ তাৰিখে বিহগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি বন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ জনাইছিল। আনহাতে শুকুৰবাৰে জাৰনিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ  প্ৰায় ডেৰ ঘণ্টাৰ পাছতো বন বিভাগৰ কোনো লোকৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষীও ঘটনাস্থলীত উপস্থিত হোৱা নাই। ইয়াৰ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in