হঠাৎ দিপলু শৰ্মাক দিল্লীলৈ তলৱ, ৰাজেন গোহাঁইৰ পত্নীয়ে নাপাব পাৰে টিকট!

হঠাৎ দিপলু শৰ্মাক দিল্লীলৈ তলৱ, ৰাজেন গোহাঁইৰ পত্নীয়ে নাপাব পাৰে টিকট!

বিজেপিৰ তেজপুৰ আৰু নগাঁও সমষ্টিত কোনে প্ৰাৰ্থিত্ব পাব সেয়া এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই। সন্ধিয়া ৫.৩০ বজাৰ পৰা নতুন দিল্লীত বিজেপি কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক হোৱাৰ পূৰ্বে নতুন নতুন খবৰ আহি আছে। এক সূত্ৰ মতে, নগাঁৱত ৰাজেন গোঁহাইৰ পত্নী ৰীতা গোঁহায়ে প্ৰাৰ্থিত্ব লাভ নকৰে। তেওঁৰ বিপৰীতে দিল্লীলৈ জৰুৰীভাৱে তলৱ কৰি নিয়া হৈছে দিপলু বৰা নামৰ এজন আৰ এছ এছ কৰ্মীক।

পূৰ্বতে হিন্দু যুৱ ছাত্ৰৰ সৈতে জড়িত আৰু  আৰ এছ এছৰ সক্ৰিয় কৰ্মীগৰাকীক হঠাৎ দিল্লীলৈ তলৱ কৰা ঘটনাই নগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী কোন হ'ব তাক লৈও নতুন চিন্তা-চৰ্চা হৈছে। ইফালে, শেষ মুহূৰ্তত বিধায়ক ৰূপক শৰ্মাৰ নামো এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতাৰ বাবে বাচনি কৰাৰ সম্ভাৱনাও নথকা নহয়।

তেজপুৰ সমষ্টিত আৰ পি শৰ্মাৰ নাম পুনৰ বিবেচনালৈ নাহে বুলি এক সূত্ৰই দাবী কৰিব খোজে। সমষ্টিটোত শেষ মুহূৰ্তত ৰাজেন বৰঠাকুৰে প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে বুলিও আলোচনা চলিছে বিজেপি মজিয়াত। নিৰ্বাচনী সমিতিৰ বৈঠকৰ অন্ততহে সকলো কথা স্পষ্ট হৈ পৰিব। গুৱাহাটীত কুইন ওজাৰ নাম প্ৰায় চূড়ান্ত হৈছিল যদিও, নতুনকৈ ৰমনে ডেকাৰ নাম প্ৰাৰ্থী ৰূপে চৰ্চালৈ আহিছে। এতিয়ালৈকে এই সমষ্টি তিনিটা বিজেপি প্ৰাৰ্থী কোন হ'ব পাৰে তাৰ নিশ্চয়তা নাই কাৰোৰে হাতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in