তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰ সদৰ আৰক্ষী থানাৰ অৰ্ন্তগত গোটলুঙত ৩৭ নং(এ) ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শনিবাৰে দিনৰ প্ৰায় ১.৩০বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ভোমোৰাগুৰিৰ দিশৰ পৰা তেজপুৰ চহৰ অভিমুখে তীব্ৰ বেগত গৈ থকা আৰজে০২-জিএ-৫৩৩০ নম্বৰৰ এখন ট্ৰাকে এজন চাইকেল আৰোহীক মহতিয়াই নিয়াত ঘটনাস্থলীতে চাইকেল আৰোহি জন নিহত হয়।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে এক উত্তপ্ত পৰিস্থিতিৰ সৃস্টি হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰনৰ কাৰনে প্ৰশাসনে ততাতৈয়াকৈ ঘটনাস্থলীত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰে। ঘটনাস্থলীত নিহত হোৱা যুৱকজন আনোৱাৰ হুছেইন(১৭) বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাৰ পাছতেই ট্ৰাকখন জব্দ কৰি থানালৈ লৈ আনে। ৰাইজে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in