প্ৰতীকি ফটো
প্ৰতীকি ফটো

তেজপুৰৰ নামপিঠাখোৱাত পথ দুৰ্ঘটনাত এটি আঢ়ৈ বছৰীয়া শিশুৰ মৃত্যু …

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰ চহৰৰ নিকটৱৰ্তী বিহগুৰিৰ নামপিঠাখোৱাত দেওবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত সংঘটিত হোৱা এক পথ দূৰ্ঘটনাত এটি আঢ়ৈ বছৰীয়া শিশুৰ শোকাবহভাৱে মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলায়। ঘটনা অনুসৰি ১৫ নং ৰাষ্ট্ৰীয় পথৰে ঢেকিয়াজুলী দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন তীব্ৰ বেগী বলেৰ' পিক আপ ভানে বিপৰীত দিশৰ পৰা অহা আন এখন বাহনক অতিক্ৰম কৰাৰ সময়ত মাতৃ পুতু সুতৰ লগতে তেওঁৰ দুবছৰ আঠমহীয়া সন্তান সৌৰভ সূতক মহতিয়াই নিয়ে৷

এই শোকাৱহ ঘটনাত শিশুটি ঘটনাস্থলিতে নিহত হোৱাৰ বিপৰীতে মাতৃ গৰাকী গুৰুতৰভাৱে আহত হয়। ৰাইজে অতি সংকটজনক অৱস্থাত মাতৃ গৰাকীক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ভৰ্তি কৰে। উল্লেখ্য যে, নামপিঠাখোৱাৰ বাসিন্দা বাবুলি সুতৰ পত্নী পুতু সুতে শিশু পুত্ৰকলৈ সন্মুখৰ দোকানলৈ জেৰক্স কৰিবলৈ যোৱাৰ সময়তে তেওঁলোকৰ বাসগৃহৰ পদুলিতে এই শোকাৱহ পথদুৰ্ঘটনাটো সংঘটিত হয় ৷ আনহাতেদি এই পথ দুৰ্ঘটনা সংঘটিত কৰিয়েই বলেৰ পিক আপ ভান খনে ঘটনাস্থলীৰ পৰা তীব্ৰ বেগত পলায়ন কৰে ৷ 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in