শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

ভাৰত ৰত্ন সন্দৰ্ভত তেজ হাজৰিকাৰ সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ব্যক্ত মমতা বেনাৰ্জীৰ…

3,292

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰাৰ লগতে সোমবাৰে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কক সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই টেলিফোনযোগে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ‘ভাৰত ৰত্ন’ সন্মান গ্ৰহণ নকৰো বুলি জনোৱা খবৰ প্ৰকাশ পোৱাৰ পাছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ সুধাকণ্ঠৰ পুত্ৰৰ এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনায়।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘সুধাকণ্ঠ ভূপেন হাজৰিকাক আমি বহু ভাল পাওঁ। তেওঁৰ পৰিয়ালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ভাৰত ৰত্ন সন্মান গ্ৰহণ নকৰাৰ সিদ্ধান্তক আমি সমৰ্থন জনাইছো। তেওঁলোকৰ আৱেগক আমি বুজি পাওঁ। আমিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছো। এই বিধেয়কৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলবাসীক অপমান কৰিছে মোডী চৰকাৰে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি