শেহতীয়া খবৰ
তামুলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন  •  আহমেদাবাদত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ জনসভাত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO  •  থিয়নামেৰে জীপাল হ'ল বামুণীমৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰ, চাওক VIDEO...  •  বিজেপিক সমৰ্থনেৰে দিয়া বিবৃতিৰ বাবেই অপসাৰিত হ’ল ২ আক্ৰাছু নেতা  •  ‘বীৰ চক্ৰ’ৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰেৰণ...  •  কোকৰাঝাৰত বিপিএফৰ বিশাল সমদল... VIDEO  •  ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ  •  নৱ শৰণীয়া নিজেই জেলৰ ভাত খোৱা মানুহ, তেওঁ আনক কি বুজনি দিবঃ বিশ্বজিত দৈমাৰী  •  আক্ৰাছুৰ ২ নেতাক অপসাৰণ  •  শুৱালকুছিত কংগ্ৰেছৰ সভাতে ভানুক উদ্দেশ্যি শিলগুটি নিক্ষেপ ছদ্মৱেশী বিজেপি সমৰ্থকৰ

‘ভাৰত ৰত্ন সন্দৰ্ভত তেজ হাজৰিকাই গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত’

482

ডিজিটেল ডেস্কঃ সোমবাৰে ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কে পোহৰলৈ আনিছিল এটা বিশেষ খবৰ। ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই আমেৰিকাৰ পৰা টেলিফোনিক বাৰ্তালাপত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ‘ভাৰত ৰত্ন’ৰ প্ৰতি অনীহা ব্যক্ত কৰিছিল। ব্যক্তিগতভাৱে তেওঁ সুধাকণ্ঠলৈ আগবঢ়োৱা ভাৰত ৰত্ন ল’বলৈ অস্বীকাৰ কৰি কৈছিল যে- আজিৰ তাৰিখত পিতৃ জীয়াই থকা হ’লে এই সন্মান গ্ৰহণ নকৰিলে হয়। এই ঘটনাৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিছু লোকে তেজ হাজৰিকাক সমালোচনা কৰাৰ বিপৰীতে অন্য বহু লোক তেজ হাজৰিকাৰ পক্ষত থিয় দিছে।

শেহতীয়াকৈ দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বাহৰ পাতি থকা কৃষক নেতা অখিল গগৈয়ে তেজ হাজৰিকাৰ এই সিদ্ধান্তক আদৰণি জনায় কয়- ‘ভাৰত ৰত্ন নলওঁ বুলি তেজ হাজৰিকাই যি সিদ্ধান্ত লৈছে, তাৰ প্ৰতি আমি আন্তৰিকতাৰে আদৰণি জনাইছো। এয়া এক ঐতিহাসিক সিদ্ধান্ত। প্ৰকৃতাৰ্থতেই তেওঁ ভূপেন হাজৰিকাৰ পুত্ৰ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভূপেন হাজৰিকাই কেতিয়াও চৰকাৰৰ সমৰ্থনত গান ৰচনা কৰা নাছিল। সদায় জনগণৰ পক্ষতহে তেওঁ গীত ৰচনা কৰিছিল। আৰু এনে এক প্ৰতিবাদী সত্তাৰ গৰাকীৰ পুত্ৰই যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া অতিকৈ আদৰণীয়। এই সিদ্ধান্ত আমি অন্তকৰণেৰে গ্ৰহণ কৰি তেওঁক ছেল্যুট জনাইছো। এই সিদ্ধান্তই অসমীয়া জাতিক আৰু উৎসাহিত কৰিব। ইতিহাসৰ বুকুত অসমীয়াক আৰু মহীয়ান কৰি ৰাখিব।’ তেজ হাজৰিকাৰ এই সিদ্ধান্তই আগন্তুক সময়ত সমগ্ৰ অসমক আৰু উদ্ভাষিত কৰিব বুলিও মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি