শেহতীয়া খবৰ
CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...  •  জাগুন ঘাটত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ...

‘যৌতুকে কুৎসিত চেহেৰাৰ ছোৱালীক বিয়াত সহায় কৰে’- কলেজত দিয়া হৈছে যৌতুকৰ সপক্ষে শিক্ষা…

ডিজিটেল ডেস্কঃ ভাৰতীয় সমাজখনত পূৰ্বৰে পৰা প্ৰচলিত এক প্ৰথা আছিল যৌতুক প্ৰথা। সামাজিক ব্যাধি হিচাপে পৰিচিত এই সামাজিক প্ৰথাক ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰা হৈছে। অৱশ্যে নিষিদ্ধ কৰাৰ পিছতো যৌতুক প্ৰথা ভাৰতত প্ৰচলিত হৈ আছে। যৌতুকৰ বাবে আজিও বহু যুৱতীয়ে বিবাহৰ পিছত নানান শাস্তি ভোগ কৰি থাকিবলগীয়া হোৱাৰ লগতে মৃত্যুকো আকোৱালি ল’বলগীয়া হৈছে।

এই যৌতুক প্ৰথাৰ বিৰুদ্ধে চৰকাৰে প্ৰচাৰ চলাই আহিছে যদিও শেহতীয়াকৈ পাঠ্যক্ৰমত যৌতুক প্ৰথাৰ সপক্ষে যুিক্ত অন্তৰ্ভুক্ত কৰাৰ ঘটনা পোহৰলৈ আহিছে। ফলত এফালে যৌতুক প্ৰথা বিৰোধিতা কৰি আনফালে ইয়াৰ সপক্ষে যুক্তি দি যৌতুক প্ৰথাক পৃষ্ঠপোষকতা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

দেশজুৰি সামাজিক মাধ্যমত এখন কিতাপৰ এটা পৃষ্ঠা ভাইৰেল হৈ পৰিছে। এই কিতাপখনৰ পৃষ্ঠাটোত যৌতুক প্ৰথাৰ সপক্ষে যুক্তি দিয়া হৈছে। জানিব পৰা মতে নাৰ্ছসকলৰ সমাজবিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্গত এই বিতৰ্কিত পৃষ্ঠাটো। এই কিতাপখন টি কে ইন্দ্ৰানী নামৰ এগৰাকী পাঠ্যপুথি প্ৰণেতাই যুগুতাই উলিয়াইছে।

এই বিতৰ্কিত পৃষ্ঠাটোৰ ফটো শিৱসেনাৰ নেত্ৰী তথা ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও শ্বেয়াৰ কৰিছে। তেওঁ টুইটাৰত পৃষ্ঠাটো আপলোড কৰি শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মেনচন কৰি এই পাঠ্যক্ৰম শীঘ্ৰে আঁতৰ কৰিবলৈ আহ্বান জনাইছে। তেওঁ টুইটাৰত লিখিছে, পাঠ্যক্ৰমত এনেধৰণৰ কথা লিখাটো লজ্জাজনক।

পৃষ্ঠাটোত লিখা হৈছে, আচবাব, ৰেফ্ৰিজেৰেটৰ আৰু বাহনৰ দৰে সঁজুলিৰ সৈতে যৌতুকে নতুন ঘৰ স্থাপন কৰাত সহায়ক। ইয়াৰ উপৰিও পৃষ্ঠাটোত লিখা হৈছে যৌতুকৰ বাবে কুৎসিত চেহেৰাৰ ছোৱালীবোৰক বিয়া কৰাত সহায় কৰিব পাৰে।