‘মই ড্ৰাইভাৰ!’- শিক্ষামন্ত্ৰী মহোদয় এয়া আপোনাৰ বিৰুদ্ধেই প্ৰতিবাদৰ ভাষা…

‘মই ড্ৰাইভাৰ!’- শিক্ষামন্ত্ৰী মহোদয় এয়া আপোনাৰ বিৰুদ্ধেই প্ৰতিবাদৰ ভাষা…

● মৃদুল কুমাৰ সন্দিকৈ

'অ' মই ড্ৰাইভাৰ।' এয়া এতিয়া প্ৰতিবাদৰ ভাষা। ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ শিক্ষকে। শিক্ষকসকলে নিজৰ নামৰ আগত লিখিছে 'ড্ৰাইভাৰ'। এই প্ৰতিবাদৰ ভাষা শিক্ষামন্ত্ৰীয়ে হয়তো দেখিছে।

ৰাজ্যত আছে ৪১ হাজাৰ ঠিকাভিত্তিক টেট শিক্ষক। সেই সকল শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এই গণতান্ত্ৰিক প্ৰতিবাদলৈ শিক্ষামন্ত্ৰী তথা এই চৰকাৰৰ কোনো ইতিবাচক সঁহাৰি দেখিবলৈ পোৱা হোৱা নাই। বৰঞ্চ চৰকাৰৰ পৃষ্ঠপোষকতাত শিক্ষকসকলক তুচ্ছ তাচ্ছিল্য কৰাহে দেখিবলৈ পোৱা গৈছে।

শিক্ষামন্ত্ৰীক প্ৰশ্ন টেট শিক্ষকৰ…

২০১২ চনত টেট পৰীক্ষা অনুষ্ঠিত কৰি প্ৰথম নিযুক্তি দিয়া হৈছিল টেট শিক্ষকক। পৰৱৰ্তী সময়ত এই নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা শিক্ষক সকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে দাবী জনাই আহিছিল। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰা হ'ব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে।

সেই প্ৰতিশ্ৰুতি আজিও পূৰণ নহ'ল। ইয়াৰ বিপৰীতে ১৪ জুন, ২০১৯ত আকাশবাণীৰ এক অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকসকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই অনুষ্ঠানটোত টেট শিক্ষকৰ যোগ্যতাৰ প্ৰমাণ পত্ৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ড্ৰাইভিং লাইচেঞ্চৰ সৈতে তুলনা কৰাত জাঙুৰ খাই উঠিছে টেট শিক্ষকসকল।

আকাশবাণীৰ সেই অনুষ্ঠানটোত অংশ লোৱাৰ সময়ত শিক্ষামন্ত্ৰীগৰাকী…

তাৰ পাছতেই শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত সৰৱ হৈছে টেট শিক্ষকসকল। সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰছিদে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা কথোপকথনত জানিবলৈ দিয়ে যে শিক্ষামন্ত্ৰীগৰাকীয়ে টেট শিক্ষকসকলক এই ধৰণে অপমান কৰা কাৰ্যৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত টেট শিক্ষকসকলে তেওঁলোকৰ নামৰ আগত 'ড্ৰাইভাৰ' লিখি প্ৰতিবাদ সাব্যস্ত কৰিছে।

এইদৰে এতিয়া নামৰ সৈতে টেট শিক্ষকে লিখিছে 'ড্ৰাইভাৰ'। এয়া প্ৰতিবাদৰ ভাষা…

শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীত বিস্তৃত প্ৰতিবাদী কাৰ্যসূচী লৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁৰ মতে, শিক্ষকসকলক ৰাজহুৱাভাৱে অপমান কৰা এই শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ কোনো সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব দিয়াৰ সলনি শিক্ষকসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে তেওঁলোকক অপমান কৰাতহে ব্যস্ত হৈ পৰিছে।

টেট শিক্ষকসকলৰ আহ্বান- আহক সকলোৱে লিখক ড্ৰাইভাৰ…

ৰাজ্যত বৰ্তমান আছে ৪১ হাজাৰ টেট শিক্ষক। ইয়াৰে ৩০ হাজাৰ আছে সৰ্বশিক্ষাৰ অধীনত। বাকী ১১ হাজাৰ ৰাজ্য চৰকাৰৰ অধীনত নিযুক্তি লাভ কৰা টেট শিক্ষক। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত নি়যুক্তি লাভ কৰা এই শিক্ষকসকলৰ ১১ হাজাৰ টেট শিক্ষকৰ একাংশই নিম্ন প্ৰাথমিক বিদ্যালয়ত ২০ হাজাৰ টকাৰ ফিক্সড পেইডত শিক্ষাৰ দৰে মহান বৃত্তিত সেৱা আগবঢ়াই আহিছে।

এইসকল টেট শিক্ষকে ঠিকাভিত্তিক নিযুক্তি লাভ কৰিলেও তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত গঢ়ি তোলাৰ বিপৰীতে তেওঁলোকৰ নিজৰ ভৱিষ্যতক লৈ সদায় সংশয় বোধ কৰি আহিছে। সেহেয়ে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী কোনো কাৰণতে অযুক্তিকৰ হ'ব নোৱাৰে।

তেওঁলোকক তেওঁলোকৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ আন্তৰিকতাৰ প্ৰয়োজন আছিল। ইয়াৰ বিপৰীতে শিক্ষক সমাজত মন গ'লেই ঠাট্টা, ইতিকিং কৰা আৰু টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰক ড্ৰাইভিং লাইচেঞ্চৰ সৈতে তুলনা কৰাটো কিমান পৰিতাপৰ কথা সেয়া শিক্ষামন্ত্ৰীৰ দৰে পদবীত থকা এজন দায়িত্বশীল মন্ত্ৰীয়ে বুজি পোৱা উচিত আছিল।

এগৰাকী টেট শিক্ষয়িত্ৰীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিক্ৰিয়া…

শিক্ষামন্ত্ৰীৰ এনে মন্তব্যত জাঙুৰ খাই উঠিছে এজনৰ পিছত সিজন শিক্ষক। এদিনতে প্ৰায় ৪ সহস্ৰাধিকৰো অধিক শিক্ষকে ফেচবুকত নিজৰ নামৰ সৈতে 'ড্ৰাইভাৰ' লিখি তেওঁলোকক কৰা অপমানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ মন্তব্যৰ বাবে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা চকুত পৰা নাই।

শিক্ষামন্ত্ৰীক প্ৰত্যক্ষভাৱেও বহু টেট শিক্ষকে তেওঁৰ এই মন্তব্যৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আগতে শিক্ষকসকলক যথেষ্ট সন্মান কৰা হৈছিল। কিন্তু এতিয়া পৰিৱেশ এনে পাইছেগৈ যে ৰাজহুৱা স্থানতে শিক্ষকসকলক ঠিয় কৰাই অপদস্থ কৰাটো শিক্ষামন্ত্ৰীসকলৰ যেন এক প্ৰতিযোগিতা হৈ পৰিছে।

টেট শিক্ষকসকলে বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এলানি প্ৰতিবাদী কাৰ্যসূচীও হাতত লৈছে। আনুষ্ঠানিকভাৱে ১৬ মে'ত এখন সংবাদ মেল আয়োজন কৰি টেট শিক্ষকসকলে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলিও জানিবলৈ দিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসমাজে।

টেট শিক্ষকসকলে ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰতিবাদী কাৰ্যসূচী…

১৮ জুনত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ জিলা সমিতি সমূহে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত তেওঁলোকৰ প্ৰথম দাবী হ'ব টেট শিক্ষকসকলক অপমান কৰা বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰক।

টেট শিক্ষকসকলৰ ২৯ জুনত 'দিছপুৰ ঘেৰাও' কাৰ্যসূচী…

টেট শিক্ষকসকলে ২৯ জুনত দিছপুৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে টেট শিক্ষকসকলে তেওঁলোকৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীক ১ মে'ত সাক্ষাৎ কৰিছিল। তেওঁলোকে বিচাৰে মুখ্যমন্ত্ৰীয়ে এই দিশত পোনপোটীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰক।

১৮ জুনৰ কাৰ্যসূচীৰ পাছত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি টেট শিক্ষকসকলে ঘোষণা কৰিছে। তেওঁলোকৰ দাবী সন্দৰ্ভত চৰকাৰে কি সমাধান সূত্ৰ উলিয়াই সেয়া লক্ষণীয় হ'ব।

তাৰ মাজতে টেট শিক্ষকসকলৰ টেট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ এজন শিক্ষামন্ত্ৰীয়ে ড্ৰাইভিং লাইচেঞ্চৰ সৈতে তুলনা কৰি শিক্ষক সমাজক তাচ্ছিল্য কৰাৰ ঘটনাই এতিয়া ব্যপক চৰ্চা লাভ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই মন্তব্যৰ জৰিয়তে কি বুজাব বিচাৰিছিল তাক লৈও চৰ্চা হৈছে।

যদি এইসকল টেট শিক্ষকে পুনৰ টেট পৰীক্ষাত উত্তীৰ্ণ হৈ নতুন চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰিব লাগিব বুলি তেওঁ বুজাব খুজিছে, তেন্তে সেয়া শিক্ষামন্ত্ৰী গৰাকীৰ বাতুলতাৰ বাবে আন একো নহয়। শিক্ষকক সন্মান কৰাটো এখন সুষ্ঠ আৰু সভ্য সমাজৰ পৰম্পৰা। যিমানেই উচ্চ স্থানত অধিষ্ঠিত নহওঁক, তেনে এজন লোকক গঢ়ি তোলে শিক্ষকে।

ছাত্ৰসকলে সেয়ে উচ্চ স্থান বা পদবীত অধিষ্ঠিত হৈও শিক্ষকসকলক সদায় গুৰু জ্ঞান কৰি আহিছে। একলব্যই আনকি বিশ্বজয়ী যুঁজাৰু হৈও গুৰুৰ কথা পেলাব নোৱাৰি নিজৰ আঙুলি গুৰুক দান দিছিল। কিছুদিনৰ আগলৈকে গাঁৱত শিক্ষকসকলক ছাত্ৰসকলে ইমান শ্ৰদ্ধা কৰিছিল যে, মহাশয়ক দেখিলে চাইকেলৰ পৰাই নামি দিছিল। মহাশয়ৰ সন্মুখত চকীত নবহিছিল।

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক তেতিয়া মহাশয় সম্বোধন কৰা হৈছিল। গুৰু আৰু শিষ্যৰ এই পবিত্ৰ বান্ধোন আজিও অটুট আছে। কিন্তু চৰকাৰী পৃষ্ঠপোষকতাতেই যেন শিক্ষকসকলক অপদস্থ কৰিবলৈ পদক্ষেপ লৈছে কোনো এক চক্ৰই। শিক্ষক সকলৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ মনোভাৱ সৃষ্টি কৰাৰ সলনি হকে বিহকে শিক্ষকসকলক টানি আজুৰি অপমান কৰাৰ প্ৰৱণতাৰ পৰা নিজক মুক্ত কৰিব নোৱাৰিলে এজন ছাত্ৰক নৈতিক শিক্ষা দিয়াৰ অধিকাৰৰ পৰা শিক্ষকসকলক কৌশলগতভাৱে বঞ্চিত কৰা নহ'বনে?

শিক্ষাদান মানে কেৱল পাঠ্যক্ৰমৰ শিক্ষাই নহয়। শিক্ষকসকলৰ কথা শিলৰ ৰেখা বুলি এদিন মনা হৈছিল। শিক্ষকে যি কয়, ছাত্ৰ-ছাত্ৰীয়ে তাকেই মানিছিল। সেই পৰিৱেশ সৃষ্টি কৰাৰ সলনি খোদ শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষকক ড্ৰাইভাৰৰ সৈতে তুলনা কৰাৰ প্ৰৱণতা সমাজৰ বাবে কিমান ক্ষতিকাৰক হ'ব পাৰে সেয়া ভাৱি চাইছেনে?

চকীদাৰ আন্দোলনেৰে বিজেপিয়ে দেশজুৰি ৰাজনৈতিক সচেতনতাৰ সৃষ্টিৰ বাবে ছ'চিয়েল মিডিয়াযোগে প্ৰচাৰ চলাইছিল। প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকেও নামৰ সৈতে 'চকীদাৰ' লিখি ছ'চিয়েল মিডিয়াত এক ৰাজনৈতিক প্ৰচাৰৰ জৰিয়তে দেশৰ প্ৰতি থকা দায়িত্ববোধক জগাই তুলিছিল।

এতিয়া একেদৰে টেট শিক্ষকৰ টেট উত্তীৰ্ণ প্ৰমাণপত্ৰক ড্ৰাইভিং লাইচেঞ্চৰ সৈতে খোদ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই তুলনা কৰাৰ পাছত শিক্ষক সকলেও সেই পথ বাচি লৈছে। এজন দুজনকৈ নিজৰ নামৰ আগত ড্ৰাইভাৰ লিখি টেট শিক্ষকসকলে শিক্ষামন্ত্ৰীক উচিত প্ৰত্যুত্তৰ দিছে। ইয়াক হয়তো শিক্ষামন্ত্ৰীয়ে কেতিয়াও বে-আইনী আখ্যা দিব নোৱাৰে। কিন্তু এই প্ৰতিবাদৰ ভাষা কিমান শক্তিশালী হ'ব পাৰে, সেই কথা শিক্ষামন্ত্ৰীয়ে অনুমান কৰিব পৰা নাই। টেট শিক্ষকসকলে বিচাৰিছে শিক্ষক সমাজক অসন্মান কৰা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই মন্তব্যৰ বাবে ৰাজহুৱা ক্ষমা বিচাৰক।

শিক্ষকক অপমান কৰাৰ অধিকাৰ কাৰোৱে নাই। শিক্ষক সদায় শিক্ষকেই। শিক্ষক সমাজে গঢ়া ছাত্ৰই এখন সমাজ গঢ়ে, এখন দেশ গঢ়ে। এটা সভ্য জাতিৰ আধাৰ আৰু স্পন্দন এই শিক্ষকসকল। তেওঁলোকৰ সমস্যাৰ প্ৰতি আমি সচেতন হোৱা উচিত। শিক্ষকসকলক উপলুঙা কৰা মানেই এখন সভ্য সমাজক তাচ্ছিল্য কৰা। হয়তো শিক্ষামন্ত্ৰীয়ে সেই কথা অনুভৱ কৰিব। কিয়নো তেওঁক শিক্ষাদান কৰা নমস্য শিক্ষকসকলক কোনোবাই ড্ৰাইভাৰ বুলি হাঁহিলে শিক্ষামন্ত্ৰী নোহোৱা তেৱোঁ চাগৈ সহ্য নকৰিলেহেঁতেন। শিক্ষকসকলক লৈ শিক্ষামন্ত্ৰীৰ এই মন্তব্যৰ পাছত জাঙুৰ খাই উঠা শিক্ষকসকলৰ এনে প্ৰতিবাদলৈ সাধাৰণ লোকৰ সমৰ্থনো নিশ্চয় থাকিব। কাৰণ শিক্ষকৰ অবিহনে কোনেও নিজৰ জীৱন গঢ়িব নোৱাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in