টেট পৰীক্ষাৰ প্ৰস্তুতিঃ পাণবজাৰত কোটি টকাৰ সহায়ক পুথি বিক্ৰী! টেট পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সবিশেষ… VIDEO

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ হঠাৎ প্ৰাণ পাই উঠিছে পাণবজাৰ। ছুপাৰ ডুপাৰ হীট চিনেমা চাবলৈ টিকটৰ বাবে চিনেমা হলৰ কাউণ্টাৰত যেনে ভিৰ লাগে, তেনে এক পৰিৱেশেই যোৱা দুদিন মানত বিৰাজ কৰিছে পাণবজাৰত। কিতাপ ক্ৰয়ৰ বাবে এইদৰে হেতাওপৰা লাগিছে জ্যোতি প্ৰকাশন, চন্দ্ৰ প্ৰকাশ আদি বিপনীৰ সন্মুখত ।

এজন ব্যক্তিয়ে কিতাপ কিনিবলৈ অহা মানুহৰ নামবোৰৰ তালিকা প্ৰস্তুত কৰি প্ৰচণ্ড ভিৰৰ মাজত বিতৰণ কৰিব লগা হৈছে এখন বিশেষ কিতাপ। পাণবজাৰৰ সেই পৰিৱেশৰ দৃশ্য এয়া-

যিসময়ত কিতাপৰ প্ৰতি মানুহৰ আগ্ৰহ কমিছে বুলি চৰ্চিত হৈ আহিছে, সেই সময়ত হঠাৎ পাণবজাৰলৈ ঘূৰি অহা এই পৰিৱেশে আপোনাৰ মন ভাল লগালেও গল্প-উপন্যাস বা প্ৰবন্ধ , পাঠ্যপুথি ক্ৰয় কৰিবলৈ এইদৰে পাণবজাৰত ভিৰ হোৱা নাই।

ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে আছাম টেট-২০১৯ৰ অনলাইন প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া। টেটৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ লাখ লাখ নিবনুৱাই পূৰণ কৰিছে এই প্ৰ-পত্ৰ। ssa.assam.govt.in ৱেবছাইট যোগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাৰ্থমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীয়ে প্ৰ-পত্ৰ পূৰ্ণ কৰা পাছত এইদৰে ভিৰ বাঢ়িছে হঠাৎ পাণবজাৰত।

উল্লেখযোগ্য যে, ৭ বছৰৰ পাছত ৰাজ্যত অনুষ্ঠিত হ'ব টেট পৰীক্ষা।২০১৯ৰ ২০ অক্টোবৰত অনুষ্ঠিত হ'ব লগা এই পৰীক্ষাত ৰাজ্যৰ ৩৩খন বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বেই ২০১২চনত অনুষ্ঠিত হৈছিল টেট পৰীক্ষা।

সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা লাখ লাখ শিক্ষক পদৰ প্ৰত্যাশী প্ৰাৰ্থীয়ে এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ পাণবজাৰৰ কিতাপৰ দোকানত টেট পৰীক্ষাৰ গাইড বুক বিচাৰি ভিৰ কৰাৰ সুযোগ লৈছে একাংশ গ্ৰন্থ প্ৰকাশকে।

প্ৰতিদিনেই কেইবা সহস্ৰাধিক টেট পৰীক্ষাৰ গাইড বুক বিক্ৰী কৰিছে এই প্ৰকাশকসকলে। কেইদিনমানৰ ভিতৰতে কোটি টকাৰ ব্যৱসায় হৈছে গ্ৰন্থ বিক্ৰীত। মুঠ দুখন পেপাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাৰ্থী সকল। নেশ্যনেল কাউন্সিল অৱ টিচাৰ এডুকেশ্যনৰ পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত হ'ব প্ৰশ্ন কাকত।

পেপাৰ-১ত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ বিদ্যালয়ত আৰু পেপাৰ-২ত ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ বিদ্যালয়ৰ শিক্ষকৰ বাবে অনুষ্ঠিত হ'ব। টেট পৰীক্ষাৰ কেইটামান গুৰু্ত্বপূৰ্ণ তাৰিখ হ'ল-

অনলাইন প্ৰ-পত্ৰ পূৰণ আৰম্ভ হৈছেঃ ২ ছেপ্টেম্বৰ, ২০১৯ৰ পৰা।

প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখঃ ১৭ ছেপ্টেম্বৰ , ২০১৯।

টেট পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীসকলে এডমিট কাৰ্ড লোৱাৰ তাৰিখ ৩০ ছেপ্টেম্বৰ, ২০১৯।

আছাম টেট-২০১৯ অনুষ্ঠিত হ'ব ২০ অক্টোবৰ, ২০১৯।

এই পৰীক্ষাৰ ফলাফল ঘোষণা হ'বঃ নবেম্বৰ-ডিচেম্বৰত।

টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীসকলে প্ৰ-পত্ৰৰ সৈতে ডেবিট বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে নতুবা ইন্টাৰনেটৰ জৰিয়তে পেপাৰ-১ বা পেপাৰ-২ৰ যিকোনো এখন কাকতৰ বাবে নিম্নউল্লেখিত হাৰত মাচুল ভৰিব লগা হৈছে।

সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ৩২৫ টকা, অনুসূচিত জাতি, অনুসূচিত জনজাতি (পাহাৰ), অন্যান্য পিছ পৰা শ্ৰেণী আদি প্ৰাৰ্থীয়ে এই পৰীক্ষাৰ বাবে ৩০০ টকাকৈ মাচুল দিব লগা হৈছে।

নিম্ন প্ৰাৰ্থমিক বিদ্যালয়ত শিক্ষকৰ বাবে টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষাত কমেও ৫০ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ লগতে দুবছৰীয়া এলিমেনটৰি এডুকেশ্যনৰ পাঠ্যক্ৰম পঢ়াটো বাধ্যতামূলক।৪ বছৰীয়া বি এড, দুবছৰীয়া ডিপ্লমা ইন এডুকেশ্যন থকা প্ৰাৰ্থীয়েও এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব।

পেপাৰ-২ অৰ্থাৎ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা হ'ব লাগিব স্নাতক ডিগ্ৰীসহ এলিমেটৰী এডুকেশ্যনৰ ডিপ্লমা, ৫০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰী আৰু এবছৰীয়া বি এড ডিগ্ৰী, ৫০ শতাংশ নম্বৰসহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ আৰু ৪ বছৰীয়া এলিমেনটৰী এডুকেশ্যনৰ ডিগ্ৰী ইত্যাদি।

এই পৰীক্ষাৰ বাবেই সাজু হ'বলৈ এইদৰে পাণবজাৰত টেটৰ হাতপুথিৰ বাবে ভিৰ কৰা নিবনুৱা যুৱক-যুৱতীয়ে প্ৰতিফলিত কৰে- ৰাজ্যত কিদৰে নিবনুৱা সমস্যা গা কৰি উঠিছে। অৱশ্যে পাণবজাৰত ৰাজ্যৰ বিভিন্ন কিতাপৰ দোকানত এই সহায়ক গ্ৰন্থৰ চাহিদা বঢ়াত বিতৰকসকলেও পাণবজাৰৰ এনে গ্ৰন্থ প্ৰকাশ কৰা দোকানসমূহত ভিৰ কৰিছেহি।

আছাম টেট-২০১৯ৰ পেপাৰ-১ আৰু পেপাৰ-২ৰ মুঠ ১৫০ নম্বৰৰ মাল্টিপল চইজৰ প্ৰশ্ন থাকিব। প্ৰতিটো শুদ্ধ প্ৰশ্ন উত্তৰ বাবেই লাভ কৰিব এক নম্বৰকৈ। টেটত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে অসমীয়া, বঙালী, বড়ো, হিন্দী, ইংৰাজীত উত্তৰ দিব পাৰিব।

টেটৰ প্ৰশ্নকাকত ১ত কি কি প্ৰশ্ন থাকিবঃ

মুঠ ১০০ নম্বৰৰ বাবে অনুষ্ঠিত হ'ব লগা টেটৰ প্রশ্নকাকত-১ত প্ৰথমভাগত থাকিব চাইল্ড ডেভলপমেন্ট এণ্ড পেডাগ'জী (Child development and pedagogy) শীৰ্ষক ৩০ নম্বৰ বাধ্যতামূলক প্রশ্ন।

দ্বিতীয় অংশত থাকিব লেংগুৱেজ-১ অৰ্থাৎ অসমীয়া, বঙালী, হিন্দী, বড়ো, মণিপুৰী, গাৰো, নেপালী আদি যিকোনো এটা বিষয়ত ৩০ নম্বৰৰ প্ৰশ্ন। তাৰপাছৰ অংশত থাকিব লেংগুৱেজ-২ (ইংৰাজী) বিষয়ত ৩০ নম্বৰৰ প্ৰশ্ন।

ইয়াৰোপৰি, গণিত বিষয়ত ৩০ নম্বৰ, এনভাইৰ'মেন্টেল ষ্টাডিজৰ ৩০ নম্বৰ সহ মুঠ ১৫০ নম্বৰ প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীসকলে আঢ়ৈ ঘণ্টা সময়ৰ ভিতৰত লিখিব লাগিব।

টেটৰ প্ৰশ্নকাকত-২ত কি থাকিবঃ

টেটৰ প্রশ্নকাকত-২ত প্ৰথম কাকতৰ দৰেই ৯০ নম্বৰ ক্ৰমে (Child development and pedagogy) , লেংগুৱেজ-১ আৰু লেংগুৱেজ-২ (ইংৰাজী)ৰ প্রশ্ন থাকিব।

৬০ নম্বৰ প্ৰশ্ন গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞানৰ থাকিব। মুঠ ১৫০ নম্বৰৰ বাবে ১৫০ টা প্ৰশ্নৰ উত্তৰ পৰীক্ষাৰ্থীসকলে আঢ়ৈ ঘণ্টাৰ ভিতৰত লিখিব লাগিব।

এই পৰীক্ষাত নিগেটিভ মাৰ্কিং থাকিব নেকি?

দুয়োখন কাকতৰ বাবে ২০ অক্টোবৰ, ২০১৯ত পৰীক্ষাৰ্থীসকলে ১৫০ নম্বৰৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। অৰ্থাৎ পেপাৰ-১ আৰু পেপাৰ-২ৰ পৰীক্ষাৰ মুঠ নম্বৰ হ'ব ১৫০কৈ। এই পৰীক্ষাত প্ৰাৰ্থীসকলৰ বাবে এটা সুখৰ খবৰ যে, কোনো নিগেটিভ মাৰ্কিঙৰ ব্যৱস্থা নাই। সেয়েহে পৰীক্ষাৰ্থীয়ে ভুল উত্তৰ দিলেও শুদ্ধ উত্তৰ দি লাভ কৰা নম্বৰৰ পৰা কোনো নম্বৰ বিয়োগ নহয়।

কাট অৱ মাৰ্কঃ

টেট পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে টেট উত্তীৰ্ণ হ'বলৈ ন্যূনতম নম্বৰ লাভ কৰিব লাগিব। বিভিন্ন শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সেয়া হ'ল এনেধৰণৰ-

সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ১৫০ নম্বৰৰ ভিতৰত ৬০ শতাংশ নম্বৰ লাভ কৰিব লাগিব। অৰ্থাৎ টেট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ অতি কমেও ৯০ নম্বৰ লাভ কৰিব লাগিব পৰীক্ষাৰ্থীসকলে।

একেদৰে এছ টি, এছ চি, অ বি চি, এম অ' বি চি আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে ১৫০ নম্বৰৰ ভিতৰত ৫৫ শতাংশ নম্বৰ অৰ্থাৎ ৮৩ নম্বৰ পালেহে টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in