দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত সংঘটিত হোৱা বিস্ফোৰণত জড়িত আছিল মহম্মদ আশ্ৰাফ…

দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত সংঘটিত হোৱা বিস্ফোৰণত জড়িত আছিল মহম্মদ আশ্ৰাফ…

ডিজিটেল ডেস্কঃ দিল্লীত গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী মহম্মদ আশ্ৰাফে জেৰাত কেইবাটাও অপৰাধৰ বিষয়ে স্বীকাৰ কৰিছে। আশ্ৰাফ ২০১১ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত হোৱা বোমা বিস্ফোৰণত জড়িত আছিল।ইয়াৰ পিছত এই ঘটনাৰ পুনৰাবৃত্তি কৰিবলৈ কেইবাবাৰো প্ৰচেষ্টা চলাইছিল বুলি জেৰাত প্ৰকাশ কৰিছে।

তেওঁ পূব দিল্লীৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ গৈছিল। আশ্ৰাফে জেৰাৰ সময়ত কৈছে যে, তেওঁ দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰু আই এছ বি টিটো বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছিল।প্ৰতিবেদন অনুসৰি, সন্ত্ৰাসবাদীজনে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে তেওঁৰ সন্মুখত কেইবাজনো সেনা জোৱানক অপহৰণ কৰা বুলিও প্ৰকাশ কৰিছে। কিছু সময় ৰখাৰ পিছত তেওঁক হত্যা কৰা হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in