সন্ত্ৰাসবাদীৰ লক্ষ্য আইপিএল খেলুৱৈ! যিকোনো মুহূৰ্তত হোটেল, পাৰ্কিং অথবা ৰাজপথত চলাব পাৰে আক্ৰমণ

সন্ত্ৰাসবাদীৰ লক্ষ্য আইপিএল খেলুৱৈ! যিকোনো মুহূৰ্তত হোটেল, পাৰ্কিং অথবা ৰাজপথত চলাব পাৰে আক্ৰমণ

ডিজিটেল ডেস্কঃ ভাৰতত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈসকলৰ ওপৰত হ'ব পাৰে সন্ত্ৰাসবাদী আক্ৰমণ। শুকুবাৰে এই বিস্ফোৰক খবৰ প্ৰকাশ কৰিছে ভাৰতূীয় চোৰাংচোৱা সংস্থাই। চোৰাংচোৱা সংস্থাই সদৰি কৰা মতে, যিকোনো মুহূৰ্তত আইপিএল খেলুৱৈসকলৰ ওপৰত এই আক্ৰমণ হ'ব পাৰে। খেলুৱৈসকলে বাহৰ পতা হোটেল, পাৰ্কিং কিম্বা পথত এই আক্ৰমণ সংঘটিত কৰাৰ অধিক আশংকা ব্যক্ত কৰিছে চোৰাংচোৱা সংস্থাই। উল্লেখ্য যে, এটিএছে গ্ৰেপ্তাৰ কৰা এজন সন্দেহযুক্ত সন্ত্ৰাসবাদীক চোৰাংচোৱা সংস্থাই চলোৱা জেৰাৰ পিছতে সংস্থাটোৱে এই বিস্ফোৰক খবৰ প্ৰকাশ কৰে।

চোৰাংচোৱা সংস্থাৰ সোধাপোছাত সন্দেহজনক সন্ত্ৰাসবাদী জনে স্বীকাৰ কৰা মতে, সন্ত্ৰসবাদীয়ে মুম্বাইত বাহৰ পাতি থকা খেলুৱৈ সকলক টাৰ্গেট কৰি ল'বৰ বাবে উপযুক্ত স্থানৰ সন্ধান কৰি আছে। খেলুৱৈসকলৰ ওপৰত হোটেল, পাৰ্কিং আৰু খেলপথাৰলৈ অহা-যোৱাৰ পথতে সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰা বুলিও জেৰাত স্বীকাৰ কৰে সন্ত্ৰাসবাদীজনে।

চোৰাংচোৱা সংস্থাৰ এই খবৰৰ পিছতে ইতিমধ্যে আই পি এল খেলুৱৈসকলৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। খেলুৱৈসকলৰ হোটেলত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ লগতে হোটেলৰ পৰা খেলপথাৰলৈ অহাৰ মুহূৰ্তত খেলুৱৈসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাৰক্ষীক সষ্টম নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চৰ এটা মছজিদত সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলিবৰ্ষণত কথমপি ৰক্ষা পৰিছিল বাংলাদেশ ক্ৰিকেট টীমৰ খেলুৱৈসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in