জম্মু কাশ্মীৰৰ কুপৱাৰাত দুই সন্ত্ৰাসবাদী নিধন

জম্মু কাশ্মীৰৰ কুপৱাৰাত দুই সন্ত্ৰাসবাদী নিধন

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত অব্যাহত আছে উগ্ৰবাদীৰ সন্ত্ৰাস। শেহতীয়াকৈ জম্মু কাশ্মীৰৰ কুপৱাৰাত দুটাকৈ দুধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে। সেনাৰ সুত্ৰত প্ৰকাশ পোৱা অনুসৰি উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ হেণ্ডৱাৰাৰ নাওগাম চেক্টৰত উগ্ৰপন্থীৰ ঘাটি থকা কথাটো জানিব পাৰিছিল সেনা চোৰাংচোৱাই।

চোৰাংচোৱাৰ খবৰৰ পাছতেই শনিবাৰে পুৱতি নিশা ভাৰতীয় সেনাই আক্ৰমণ চলাই উগ্ৰপন্থীৰ ঘাটিটোত। সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দুটা দুধৰ্ষ সন্ত্ৰাসবাদী। লগতে উদ্ধাৰ কৰে এটা এ.কে-৪৭ ৰাইফলৰ লগতে চীনত নীৰ্মিত বহু বিস্ফোৰক সামগ্ৰী। সম্প্ৰতি উগ্ৰপন্থীৰ সন্ধানত সেনাই অভিযান অব্যাহত ৰাখিছে অঞ্চলটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in