টীয়কত কেবৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল

টীয়কত কেবৰ বিৰুদ্ধে আছুৰ জোঁৰ সমদল

ডিজিটেল সংবাদ, টীয়কঃ আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত দেওবাৰে টীয়কত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক চুতীয়া ছাত্ৰ সন্থা, আটচা টীয়ক উপ শাখা, টিএমপিকে টীয়ক আঞ্চলিক সমিতি, জগদুৱাৰ ব্যৱসায় সন্থা তথা জগদুৱাৰ আৰু টীয়কৰ ৰাইজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী জোঁৰ সমদল জগদুৱাৰৰ পৰা গায়ন গাঁও, কাকতি গাঁওলৈকে সমদল কৰি প্ৰতিবাদকাৰীসকলে কেব আমি নামনো, বিজেপি গ' বেক, সৰ্বানন্দ সোণোৱালৰ কাম নাই, বিজেপিক খেদাওক অসমক ৰক্ষা কৰক, জাতিদ্রোহী অগপ নিপাত যাওঁক, অতুল বৰা নিপাত যাওক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী সমদলত অসম আন্দোলনৰ গুলীবিদ্ধ ৰমেন শৰ্মা, টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অশোক কুমাৰ বৰা, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ, গীতিকাৰ অশোক বৰা, কৰ্মচাৰী পৰিষদৰ টীয়ক আঞ্চলিকৰ সভাপতি দিলীপ বৰা, শিক্ষাবিদ খগেন ফুকন, যোৰহাট হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক ৰাতুল গগৈ, সম্পাদক হেমন্ত শইকীয়া, উপদেষ্টা কিশোৰ দাস, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা, অধিবক্তা বিশ্বজিত নাথ, জগদুৱাৰ ব্যৱসায় সন্থাৰ সভাপতি ৰাজুমনি বৰুৱা, সম্পাদক ভাস্কৰ বৰুৱা, টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদক অমৃত দত্ত, উপদেষ্টা নিৰ্মলেন্দু পাঠক, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিকৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত, টীয়ক আছুৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, সম্পাদক বিশ্বজিত বৰা, শিমলুগুৰি মৌজা আছুৰ সভাপতি দেৱব্ৰত বৰুৱা, সম্পাদক পবিত্ৰ বৰা, টিএমপিকেৰ টীয়ক আঞ্চলিকৰ সভাপতি ৰঞ্জন তাইড, আটচাৰ যোৰহাট জিলাৰ সাংগঠনিক সম্পাদক গকুল মাঝি, টীয়ক উপ শাখাৰ সভাপতি মহেন্দ্ৰ মাঝি, সম্পাদক এপল কিছকুকে ধৰি বহু লোক সমবেত হয়।

প্ৰতিবাদথলীত যোৰহাট জিলা ছাত্ৰ সন্থাৰ জিতু নেওগে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজপথত সংগ্ৰাম কৰি অসমীয়া জাতিৰ হকে সংগ্ৰাম কৰাৰ কথাক সোঁৱৰাই জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে অসমীয়া জাতিৰ স্বাৰ্থত মাত মাতি গাদী ত্যাগ কৰি ৰাইজৰ পক্ষত থাকিবলৈ আহ্বান জনায়। আনহাতে টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞাই অসমীয়া জাতিৰ ভাষা-সংস্কৃতি ধ্বংস কৰিবলৈ ওলোৱা এই বিধেয়কখন অসমৰ জাতীয় স্বাৰ্থৰ কথা ভাবি অসম প্ৰদেশ বিজেপি তথা অসম আন্দোলনৰ পটভূমিত গঠিত অসম গণ ৮৬০ জন শ্বহীদৰ ত্যাগক মূল্য অসম গণ পৰিষদ দলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিৰোধ কৰিবলৈ দাবী উত্থাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in