বানাক্ৰান্ত জাজীমুখত যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিনামূলীয়া চিকিৎসা শিবিৰ

বানাক্ৰান্ত জাজীমুখত যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিনামূলীয়া চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ, যোৰহাটঃ ৰাজ্যৰ বানে গৰকা বিভিন্ন অঞ্চলত ৰোগে দেখা দিয়াৰ সময়তে যোৰহাট জিলাৰ বানাক্ৰান্ত অঞ্চল সমূহত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, জাজীমুখ শাখা ছাত্ৰ সন্থাৰ সহযোগত সোমবাৰে বানাক্ৰান্ত জাজীমুখত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। চিকিৎসা শিবিৰত উপস্থিত থাকে ক্ৰমে চিকিৎসক ডা° পৰমা চেতীয়া, ডা° ৰুহিনী কুমাৰ দত্ত, ডা°মনালিছা গাৰ্গকে ধৰি ৪ জন চিকিৎসক আৰু চিকিৎসাকৰ্মী।

এই অনুষ্ঠানত ৩৯৮ গৰাকী ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰি ঔষধ প্ৰদান কৰা হয়। চিকিৎসা শিবিৰ আনুষ্ঠানিকভাবে মুকুলি কৰে জ্যেষ্ঠ চিকিৎসক পৰমানন্দ চেতিয়াই। এই শিবিৰ মুকলি কৰি ছাত্ৰ সন্থাৰ এনে পদক্ষেপে ৰাইজৰ বাবে এক উপকাৰী পদক্ষেপ বুলি মন্তব্য কৰে পৰমানন্দ চেতিয়াই।

অনুষ্ঠানত উপস্থিত থাকে সমাজ সংগঠক কমলেশ্বৰ কুটুম, তিলেশ্বৰ কলিতা, জাজীমুখ গাওঁ পঞ্চায়তৰ সভাপতি নগেন কলিতা, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰিতমজ্যোতি শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সদস্য ইছফাক আলি আহমেদৰ লগতে বহু লোক।

বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য্য কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক জিতু নেওঁগে কয় যে, জিলাখনৰ বানাক্ৰান্ত অঞ্চল সমূহত বিনামূলীয়া চিকিৎসা শিবিৰ স্থাপন কৰি ছাত্ৰ সন্থাই ৰাইজৰ উপযোগী হোৱাকৈ কাম-কাজ কৰি যাৱ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in