টীয়কত জাঁজী নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে ওলমা দলং

টীয়কত জাঁজী নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে ওলমা দলং

ডিজিটেল সংবাদ, টীয়কঃ দীৰ্ঘদিন ৰাইজে আশা পালি আছিল জাঁজী নদীৰ ওপৰত টীয়কৰ এজাৰগুৰিত এখন স্থায়ী দলং হব। প্ৰতি নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিটো ৰাজনৈতিক দলে দিয়া প্ৰতিশ্ৰুতিৰ বাবে ৰাইজে ভাবিছিল এনেদৰে। কিন্তু বাস্তৱত হৈ নুঠিল স্থায়ী দলং। যোৰহাট জিলা টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত কৃষি প্ৰধান অঞ্চল হিচাপে খ্যাত বৃহত্তৰ ঔগুৰি অঞ্চলটোৰ ৰাইজ বিপদ সংকুলভাৱে বাৰিষা হলে এখন টুলুঙা নাৱৰে আৰু খৰালি হলে এখন বাঁহৰ দলঙেৰে ইপাৰ-সিপাৰ হোৱাৰ লগত গাখীৰ,মাছ, শাক-পাচলিকে আদি কৰি বিভিন্ন কৃষি জাত সামগ্ৰী টীয়কৰ বজাৰ সমূহলৈ নিতৌ সৰবৰাহ কৰে স্থানীয় খেতিয়কসকলে।

টীয়ক ৰাজহ চক্ৰৰ টীয়ক আৰু শিমলুগুৰি মৌজাৰ অন্তৰ্গত এজাৰগুৰি, গোহাঁই গাঁও, অৰুণামুখ, বৰমথাউৰি,বৰালিমৰা, সোণাৰীআতি, নেপালী খুটিকে আদি কৰি প্ৰায় কুৰিখন গাঁৱৰ কৃষকসকলৰ উৎপাদিত সামগ্ৰী বহু সময়ত যাতায়তৰ দুৰৱস্থাৰ বাবে নষ্ট হয়। অঞ্চলবাসীৰ লগতে বিভিন্ন দল সংগঠনে ৰজা ঘৰীয়াক জাঁজী নদীৰ ওপৰত এজাৰগুৰিত এখন পকী দলঙৰ দাবী কৰি অহাৰ অন্তত চকু পৰিল চৰকাৰৰ।

টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই শেহতীয়াকৈ লোৱা পদক্ষেপত ৰাইজৰ মাজত কিছু আশাৰ সঞ্চাৰ হৈছে। উল্লেখনীয় যে, বৃহস্পতিবাৰে প্ৰায় ছয় মাহৰ পূৰ্বে জাঁজী নদীৰ ওপৰত এজাৰগুৰিত এখন পকী দলঙ নিৰ্মাণৰ নিবিদা ওলাল। অঞ্চলবাসী আনন্দত আত্মাহাৰা হৈ পৰিল।

যুগ যুগ ধৰি জীয়াতু ভুগি অহা অঞ্চলবাসীৰ যুৱ প্ৰজন্মই পকী দলং নোহোৱা পৰ্যন্ত পাৰঘাটৰ লেচি ভাস্কৰ শইকীয়াৰ সহযোগত সাজি উলিয়াইছে নদীখনৰ ওপৰত ওলমা বাঁহৰ দলং। সম্ভৱ এইখন হ'ব ৰাজ্য খনৰ ভিতৰতে প্ৰথমখন ৰাইজে সজা বাঁহৰ দলং। বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে এই দলংখন উদ্ধোধন কৰে পূব টীয়ক গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমী বৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in