ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ’ল এখন ঘৰ…

ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ’ল এখন ঘৰ…

ডিজিটেল সংবাদ, টীয়কঃ ৰাইজৰ দুখ-দুৰ্দশাৰ কথা চিন্তা নকৰে বিদ্যুৎ বিভাগে। এই অভিযোগ আজিৰ নহয়। বছৰ বছৰ ধৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে এনে অভিযোগ। পুনৰবাৰ এই অভিযোগকে সঁচা বুলি প্ৰমাণ কৰিলে বিভাগটোৰ একাংশ দায়িত্বজ্ঞানহীন বিষয়াৰ কামৰ নমুনাই।

বানত ককবকাইছে ৰাজ্য। বানপানীৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিচ্ছিন্ন কৰা হৈছে বিদ্যুৎ সেৱা। পিছে সততে বৰষুণ দিলেই বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা একাংশ বিষয়া-কৰ্মচাৰীৰ কামৰ নমুনা দেখিলে আচৰিত হ'ব আপুনিও। টীয়ক ৰাজহ চক্ৰ তথা ৭ নং পশ্চিম টীয়ক পঞ্চায়তৰ অন্তৰ্গত উত্তৰ দুলিয়া বগৰীগুৰিত প্ৰলয়ংকাৰী বানপানীৰ সময়তে প্ৰায় একঁকাল পানী হৈ থকাৰ অৱস্থাত টীয়ক বিদ্যুৎ সংমণ্ডলে বিদ্যুৎ সংযোগ কৰাৰ বাবে সৃষ্টি হয় এক ভয়ংকৰ পৰিৱেশৰ।

বানপানীৰ সময়তে বিদ্যুৎ সংযোগ দিয়াৰ বাবে হিতেশ্বৰ দাস নামৰ এজন লোকৰ গৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। যাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ সৈতে টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, উত্তৰ দুলিয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক অজিত বৰা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, ক্ৰীড়া সম্পাদক দীপাংকৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সদস্য ইছফাক আলি আহমেদ সহিতে এটি প্ৰতিনিধি দলে জুইত জাহ যোৱা লোকজনৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

বিদ্যুৎ বিভাগে কোনো ধৰণৰ খবৰ নৰখাকৈ বিদ্যুৎ সংযোগ দিয়াৰ কথাটোৱে বিদ্যুৎ বিভাগে যে কোনো তদন্ত নকৰাকৈ কাম কৰি আছে সেয়া পুনৰবাৰ প্ৰমাণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে দলটোৱে। লগতে এই ঘটনাৰ লগত যিসকল কৰ্মচাৰী জড়িত হৈ আছে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে চৰকাৰক দাবী উত্থাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in