টীয়ক সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমহূত সংঘটিত ব্যাপক দুৰ্নীতি…

টীয়ক সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমহূত সংঘটিত ব্যাপক দুৰ্নীতি…

ডিজিটেল সংবাদ, টীয়ক: টীয়ক সমষ্টিৰ একাংশ গাঁও পঞ্চায়তত উন্নয়নৰ ধন লুন্ঠন চলোৱাৰ একাধিক ঘটনা সংঘটিত হৈছে। পঞ্চায়ত সমূহৰ একাংশ পঞ্চায়ত প্ৰতিনিধি, চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে উন্নয়নৰ বাবে আবন্টিত ধন পাভ চোচা দিয়াৰ বাবে উন্নয়ন স্থবিৰ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে। সমষ্টিটোৰ অন্তৰ্গত কলিয়াপানী উন্নয়ন খণ্ডৰ অধীনস্থ ১ নং চিন্তামনিগড় গাঁও পঞ্চায়তত পঞ্চায়ত প্ৰতিনিধি সকলক অন্ধকাৰত ৰাখি দীৰ্ঘদিন ধৰি স্বয়ং খণ্ড উন্নয়ন বিষয়া অজয় গগৈ আৰু পঞ্চায়ত খনৰ সচিব বিজন্ত বৰঠাকুৰে পঞ্চায়তখনলৈ আবন্টিত উন্নয়নৰ ধন পঞ্চায়তৰ একাউন্টৰ পৰা উলিয়াই থকাৰ উপৰি শেহতীয়াকৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অনুমোদিত পুঁজিৰ কমিচনৰ ধনৰ এক লাখ ছয়সত্তৰ হাজাৰ নশ উনত্ৰিশ টকা ১জুলাইৰ পৰা ৫ জুলাইৰ ভিতৰত লেপটপ, ইনভাৰটাৰ, চেনিটাইজাৰ আদি ক্ৰয় কৰাৰ বাবদ আৰু কাৰ্যালয় খৰচৰ বাবদ একাউন্টৰ পৰা মোকলাই নিয়াৰ তথ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ধন মোকলাই নিয়াৰ পাছতো সামগ্ৰী সমূহ ক্ৰয় নকৰাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰী বিষয়া, কৰ্মচাৰী দুজনৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, চিন্তামনিগড় গাঁও পঞ্চায়তৰ সভাপতি গৰাকীয়ে শিক্ষক পদত নিযুক্তি লাভ কৰাত সভাপতি পদৰ পৰা অব্যাহতি লোৱাত পঞ্চায়ত খনৰ তত্বাবধায়কৰ দায়িত্বত আছে খণ্ড উন্নয়ন বিষয়া গৰাকী। ফলত খণ্ড উন্নয়ন বিষয়া আৰু সচিবে মিলি পঞ্চায়তৰ পুঁজি লুন্ঠন চলোৱাৰ অভিযোগ কৰিছে পঞ্চায়ত খনৰ পঞ্চায়ত সদস্য সকলে । কোনো ধৰণৰ সভা অনুষ্ঠিত নকৰি চৰম মইমতালিৰে দুই চৰকাৰী বিষয়া, কৰ্মচাৰীয়ে উন্নয়নৰ ধন আত্মসাৎ কৰাৰ বিষয়ে পঞ্চায়ত সদস্য সকলে অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে খণ্ড উন্নয়ন বিষয়া গৰাকীৰ বিৰুদ্ধে ।

পুঁজি মোকলাই অনাৰ ২০ দিনৰ পাছতো সামগ্ৰী ক্ৰয় নকৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিসন্ধি কৰিছিল দুই চৰকাৰী বিষয়া,কৰ্মচাৰীয়ে । লক্ষণীয় এই যে চলিত মাহৰ প্ৰথম সপ্তাহত পঞ্চায়ত পুঁজিৰ পৰা এক লাখ চয়সত্তৰ হাজাৰ নশ উনত্ৰিশ টকা মোকলাই নিয়াৰ পাছতো এপদো সামগ্ৰী পঞ্চায়ত কাৰ্যালয়ত জমা নকৰাত পঞ্চায়ত খনৰ পঞ্চায়ত সদস্য সকলে সচিব বিজন্ত বৰঠাকুৰক কালি সোধা-পোচা কৰাত ৰহস্যজনক ভাৱে পঞ্চায়তৰ একাউন্টত আজি তিনি লাখ উনষাঠি হাজাৰ আশী টকা পুনৰ জমা কৰে পঞ্চায়ত একাউণ্টত ।

পঞ্চায়ত সদস্য সকলে কৰা অভিযোগ অনুসৰি তেওঁলোকৰ অজ্ঞাতে এই বৃহৎ পৰিমাণৰ ধন খণ্ড উন্নয়ন বিষয়া আৰু সচিবে মিলি উদৰস্থ কৰাৰ অভিসন্ধি ৰচিছিল যদিও এতিয়া বিপদত পৰাৰ ভয়ত এনেদৰে সমুদায় ধন পুনৰ একাউন্টত জমা দিয়ে । ইপিনে পঞ্চায়ত ব্যৱস্থাটোকে ধোৱা চাংত তুলি খণ্ড উন্নয়ন বিষয়া আৰু সচিবে পঞ্চায়ত খনত অব্যাহত ৰখা কাণ্ডৰ বিৰুদ্ধে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in