ব’ল ব’মৰ উদ্ভণ্ডালিৰ পৰা সাৰি নগ’ল ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ…

ব’ল ব’মৰ উদ্ভণ্ডালিৰ পৰা সাৰি নগ’ল ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ…

প্ৰতিদিন ডিজিটেল সংবাদ, টীয়ক : ব'ল ব'মৰ নামত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ তোৰণৰ তলত উদ্দাম নৃত্য, একাংশৰ উদ্ভণ্ডালি। বল বমৰ নামত একাংশ তথাকথিত ভক্তৰ চৰম অসভ্যালি নতুন কথা নহয় । ব'ল ব'মত অংশগ্ৰহণ কৰাৰ নামত একাংশই ৰাজহুৱাকৈ মদ, ভাং খাই উদ্ভণ্ডালি কৰা ঘটনা এতিয়া সুলভ ।

এনে একাংশ ব'ল ব'মৰ ভক্তৰ পৰা সাৰি নগ'ল অসমৰ অন্যতম ধৰ্মীয় পীঠ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ । শনিবাৰে পুৱতি নিশা নামঘৰৰ প্ৰৱেশ পথৰ মূল তোৰণৰ সন্মুখত উচ্চ মাত্ৰাৰ মিউজিক ব্যৱহাৰ কৰি বহু সময় উদ্দাম নৃত্য কৰা কাৰ্যক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

পুৱতি নিশা বল বমৰ ভক্তই ধৰ্মীয় অনুষ্ঠানৰ সন্মুখত কৰা এনে নৃত্যক ধিক্কাৰ টীয়ক সচেতন ৰাইজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in