টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ,আউনীআটী সত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ,আউনীআটী সত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

ডিজিটেল সংবাদ, টীয়ক: টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পত্নীসহ বুধবাৰে উপস্থিত হৈ ৰাজ্যবাসীৰ মংগল কামনাৰে বন্তি জ্বলাই শৰাই নবদ্য আগবঢ়াই ভগবানৰ শ্ৰীচৰণত সেৱা লয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক ৰাইজে কাষত পাই যথেষ্ট আনন্দিত হৈ পৰে।মুখ্যমন্ত্ৰীগৰাকীয়ে মাধৱদেৱ স্থাপিত ঐতিহাসিক এই বৰনামঘৰৰ বাবে এক কোটি টকাৰ সাহাৰ্য আগবঢ়ায়।

তাৰ পাছতে টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰত উপস্থিত হৈ চাকি বন্তি জ্বলাই সেৱা আগবঢ়ায়।লগতে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ লগতে উপস্থিত ভকত বৈষ্ণৱৰ উপস্থিতত আউনীআটী সত্ৰৰদ্বাৰা কৰ্মশিৰুমণি সন্মানেৰে বিভূষিত কৰে।তাৰ পাছতে সত্ৰৰ সমীপতে  উচ্চ শিক্ষা প্ৰসাৰৰ দিশত এক যুগান্তৰ প্ৰতিশ্ৰুতি ৰূপায়ণৰ মানসেৰে যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উক্ত অনুষ্ঠানত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন,শিক্ষামন্ত্ৰী ৰনোজ পেগু, যোৰহাট সাংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা,টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা,মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীকে প্ৰমুখ্য ভালেসংখ্যক নেতা কৰ্মী তথা প্ৰশাসনিক বিষয়াকৰ্মচাৰী উপস্থিত থাকে।প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই মহাবিদ্যালয়খন আগন্তুক দুটা বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু ছাত্ৰ ছাত্ৰীয়ে নূন্যতম খৰচত অধ্যয়ন কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in