ৰং-তুলিকা, গীতে-মাতে টীয়কত আছুৰ শিল্পী দিৱস উদযাপন

ৰং-তুলিকা, গীতে-মাতে টীয়কত আছুৰ শিল্পী দিৱস উদযাপন

ডিজিটেল সংবাদ, টীয়কঃ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতি, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা, টীয়ক জ্যেষ্ঠ নাগৰিক সন্থা, শিল্পী সমাজ তথা টীয়ক শাখা কবি সন্মিলনৰ সহযোগত শুকুৰবাৰে CAA ৰ বিৰোধিতাৰে শিল্পী দিৱস উদযাপন কৰে। পুৱা শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য কুমাৰ ভূঞা, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী প্ৰদীপ চুতীয়া আৰু কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অশোক কুমাৰ বৰাই।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগ আৰু টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই আঁত ধৰা অনুষ্ঠানত টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে।এই অনুষ্ঠানত জিলা ছাত্ৰ সন্থাৰ সভাপতি সূৰ্য কুমাৰ ভূঞায়ে কয় যে, এই কা বিৰোধী আন্দোলন আমি ৰাইজৰ সৈতে সহযোগ কৰি গণতান্ত্ৰিক পদ্ধতিৰে আগবঢ়াই লৈ যাব লাগিব জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে বিপ্লৱী শিল্পীৰ আদৰ্শক সাৰোগত কৰি।

অনুষ্ঠানত টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অশোক কুমাৰ বৰা,অসম আন্দোলনৰ নেতা প্ৰদীপ চুতীয়া, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে বক্তব্য প্ৰদান কৰে। আনহাতে টীয়ক শিল্পী সমাজৰ বিনোদ ভকলিন, অশোক কুমাৰ বৰা, কাকজান মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকা বৰ্ণালী চুতীয়াই গীত পৰিৱেশন কৰে আৰু চিত্ৰশিল্পী নৱজ্যোতি কোঁৱৰ তথা টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰং-তুলিকাৰে চিত্ৰ অংকন কৰে। ঋতুপৰ্ণা ভূঞাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ অনুপম সৃষ্টি লভিতাৰ এটি সংলাপ ব্যক্ত কৰে। অনিন্দিত বৰা, ৰশ্মি ভট্টাচাৰ্য্যই কবিতা আবৃত্তি কৰে।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগে কয়, আজি আমি এই পবিত্ৰ শিল্পী দিৱসত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে কা বাতিল নোহোৱা পৰ্য্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব। অনুষ্ঠানত টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰত্নেশ্বৰ গগৈ, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, প্ৰাক্তন শিক্ষয়িত্ৰী চেনেহলতা বৰা, যোৰহাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰিজু কুমাৰ শইকীয়া, টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা, মাজুলী মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মা, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, সেউজী ধৰাৰ সঞ্চালক হৰিচৰণ চুতীয়া, টীয়ক টাউন মছজিদৰ সম্পাদক আশ্রফ হুছেইন,যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিকৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক দেৱৰাজ গোস্বামী, টীয়ক শাখা কবি সন্মিলনৰ সম্পাদক বিমান শইকীয়া, সাংগঠনিক সম্পাদক ইছফাক আলি আহমেদ, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থ প্ৰতিম চুতীয়া, কাৰ্যকৰী সভাপতি উজ্জ্বল সাধনিদাৰ, টীয়ক আছুৰ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া,উপ সভাপতি পাপু কলিতা, সহকাৰী সম্পাদক দীপাংকৰ বেজবৰা, প্ৰাঞ্জল দত্ত, শিক্ষা সম্পাদক বিতোপন পুদ্দাৰকে ধৰি স্থানীয় বহু সামাজিক সাংস্কৃতিক সংস্থা, বিভিন্ন সংগীত বিদ্যালয়,টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি বহু লোক সমবেত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in