টীয়ক আছুৰ মুকলি বিহুঃ গ্ৰন্থ উন্মোচন, শিপিনীৰ দ্বাৰা গামোচা প্ৰস্তুতৰ সিদ্ধান্ত

টীয়ক আছুৰ মুকলি বিহুঃ গ্ৰন্থ উন্মোচন, শিপিনীৰ দ্বাৰা গামোচা প্ৰস্তুতৰ সিদ্ধান্ত

ডিজিটেল সংবাদ, টীয়কঃ পূৰ্বৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি প্ৰতিবছৰৰ দৰে এইবছৰো টীয়ক হাইস্কুল খেলপথাৰত কেন্দ্ৰীয় মুকলি বিহু পহিলা ব'হাগৰ দিনটোতে অনুষ্ঠিত হৈ যায়। পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই, শ্বহীদ তৰ্পণ কৰে সম্পাদক প্ৰীতমজ্যোতি শইকীয়াই আৰু গছপুলি ৰোপণ কৰে 'ৰেঙনি এটি আশা'ৰ সঞ্চালক বিজু শৰ্মাই। প্ৰত্যেকবছৰৰ দৰে এইবাৰো ছাত্ৰ সন্থাই বয়োজ্যেষ্ঠজনৰ আশীষ লোৱাৰ লগতে টীয়কৰ সমাজ জীৱনলৈ বৰঙণি আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলক সম্বৰ্ধনা জনায়। ইয়াৰ লগতে বয়োজ্যেষ্ঠসকলক পৰম্পৰাগতভাৱে জলপানেৰে আপ্যায়নৰ ব্যৱস্থা গ্ৰহণ কৰে ছাত্ৰ সন্থাই।

টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা আৰু শিবাণী কলিতাই আঁত ধৰা অনুষ্ঠানত মুকলি বিহুখনি উদ্বোধন কৰে ২০১২ বৰ্ষৰ ডি ৱাই বিহুৰাণী তথা অভিনেত্ৰী মণিকাঞ্চন কোঁৱৰে। বিহু উদ্বোধন হোৱাৰ পূৰ্বে সভাপতি ৰমেন শৰ্মা আৰু সম্পাদক ড০ মণ্টু কুমাৰ বড়া আৰু জিতু নেওঁগৰ সম্পাদনাত প্ৰকাশিত "বসন্ত উপচাৰ" নামৰ গ্ৰন্থখনি উন্মোচন কৰে কাকজন কলেজৰ প্ৰাক্তন শৈক্ষিক উপাধ্যক্ষ তথা বিশিষ্ট স্তম্ভলেখক ড০ অনিল কুমাৰ শইকীয়াই।

বিহুৰ সৈতে সংগতি ৰাখি সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ টীয়কলৈ গৌৰৱ কঢ়িয়াই অনা হিমাদ্রি বৰা, শেহতীয়াভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰাক্তন ছাত্ৰনেতা ড০ মণ্টু কুমাৰ বৰা আৰু ড০ জয়ন্ত পাঠকক ৰাজহুৱা সম্বৰ্ধনা জনায়। আমন্ত্ৰিত বিহু দলৰ দ্বাৰা বিহু প্ৰদৰ্শন হোৱা অনুস্থানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে টীয়কৰ বিশিষ্ট শিক্ষাবিদ ড০ অকণ চন্দ্ৰ শইকীয়া, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব কমলজ্যোতি গগৈ, বিশিষ্ট শিক্ষাবিদ ড০ ধীৰেন কলিতা, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমল বৰা, টীয়ক জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অশোক কুমাৰ বৰা, জ্যেষ্ঠ চিকিৎসক ডাঃ মুখ্যস্বৰ বৰা, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ ইন্দ্ৰেশ্বৰ দাস, আছুৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড, টীয়কৰ সমাজ সংগঠক প্ৰদীপ চুতীয়া, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, টীয়ক পৌৰসভাৰ পৌৰপতি ৰফিক উজ জামান, জ্ঞানপীঠ একাডেমীৰ অধ্যক্ষ ঋহেস্বৰ শৰ্মা, টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়া, টীয়ক প্ৰেছ ক্লাবৰ সভাপতি ৰিজু কুমাৰ শইকীয়া, সম্পাদক পার্থ হাজৰিকা, উপদেষ্টা নিৰ্মলেন্দু পাঠক, দুলাল হাজৰিকা, টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, টীয়ক শাখা সাহিত্য সভাৰ সম্পাদক প্ৰশীল কুমাৰ বড়া, যোৰহাট মহকুমা সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, সাংবাদিক দিগন্ত হাজৰিকা,পৰাগ চুতীয়া, সাৰংগপানী শইকীয়া, সমীৰণ বৰঠাকুৰৰ লগতে টীয়কৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল সমবেত হয়।

নতুন বছৰৰ নতুন পৰিকল্পনা হিচাপে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা আৰু টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত প্ৰথমবাৰৰ বাবে গাঁৱৰ ১০০ শিপিনীৰ দ্বাৰা ৫০ হাজাৰ গামোচা বোৱা এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওঁগে কয়। বিভিন্ন বাৰে ৰহনীয়া অনুষ্ঠান অনুষ্ঠিত হোৱা মুকলি বিহুখনত উপস্থিত থাকে যোৰহাট জিলাৰ বিভিন্ন ঠাইৰ বহু লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in