দিহিং পাটকাইক সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ সামাজিক ব্যৱধান মানি মানৱ শৃংখল…

দিহিং পাটকাইক সুৰক্ষাৰ দাবীত টীয়কত আছু তথা অন্যান্য সংগঠনৰ সামাজিক ব্যৱধান মানি মানৱ শৃংখল…

ডিজিটেল সংবাদ, টীয়কঃ দিহিং পাটকাই হস্তী সংৰক্ষিত অভয়াৰণ্য সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আছু, যুৱ ছাত্ৰ পৰিষদ, চুতীয়া ছাত্ৰ সন্থা, আটছা টীয়ক উপ শাখা আৰু টিএমপিকেই টীয়ক বাগানত লকডাউনৰ সম্পূৰ্ণ নীতি নিয়ম বৰ্তাই ৰাখি সামাজিক ব্যৱধানৰ মাজেৰে মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। মানৱ শৃংখল কাৰ্যসূচীত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সম্পাদক জিতু নেওগ উপস্থিত থাকি দিহিং পাটকাই হস্তী সংৰক্ষিত অভয়াৰণ্যত কেন্দ্ৰীয় চৰকাৰে লক ডাউনৰ সুযোগ গ্ৰহণ কৰি মুক্ত কয়লা খনন চলাবলৈ অনুমতি দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

লগতে মুক্ত কয়লা খননৰ ফলত বৰ্ষাৰণ্যখনৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ উপৰি পৰিবেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰাৰ লগতে জীৱকুললৈ বিপদ কঢ়িয়াই আনিব বুলি উল্লেখ কৰে। আনহাতে টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞাই দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে মুক্ত কয়লা খননৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত আছু তথা সহযোগি সংগঠনসমূহে গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিব বুলি সকীয়াই দিয়ে।

আনহাতে লকডাউনৰ নীতি নিয়ম মানি গ্ৰহণ কৰা মানৱ শৃংখল কাৰ্যসূচীত আটছাৰ টীয়ক সমিতিৰ সমল মাঝি, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱা, টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাৰ্থপ্ৰতিম চুতীয়া, কাৰ্যকৰী সভাপতি উজ্জ্বল সাধনিদাৰ, যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত,টীয়ক আছুৰ সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া, শিমলুগুৰি মৌজা আছুৰ সভাপতি দেৱব্ৰত শইকীয়া, আটছা টীয়ক উপ শাখাৰ সভাপতি ৰোহিত ৰাজোৱাৰ, সম্পাদক এ'পল কিছকু, টিএমপিকেৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি কুশল মিলি, সম্পাদক ৰঞ্জন টাই, চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চুবিৰাজ নেওগ, সম্পাদক মুকুন্দ মাধৱ চেতিয়াকে ধৰি অৰ্ধশতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in