টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ

টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ

ডিজিটেল সংবাদ, টীয়কঃ যোৰহাট জিলাৰ পূৱ প্ৰান্তত অৱস্থিত টীয়কক কৃষি মহকুমা ঘোষণাৰ দাবীৰে আছু আৰু যুৱ ছাত্ৰ পৰিষদে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুখ্য সচিব, জিলা উপায়ুক্তক টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি স্মাৰকপত্ৰ প্ৰদান কৰিছে। টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, সাধাৰণ সম্পাদক প্ৰীতমজ্যোতি শইকীয়া আৰু যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্তৰ স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ শুকুৰবাৰে প্ৰদান কৰে।

উল্লেখযোগ্য যে, টীয়ক এতিয়া আৰ্থ-সামাজিক, ব্যৱসায়ীকভাৱে যথেষ্ট আগবাঢ়ি গৈছে। টীয়ক আছুৰ সভাপতি ৰন্টু ভূঞা আৰু সম্পাদক প্ৰীতমজ্যোতি শইকীয়াই কয়, টীয়কত ৰাজহ চক্ৰ কাৰ্যালয়, উপ-কোষাগাৰ, কেইবাটাও ৰাষ্ট্রীয়কৃত বেংক, টীয়ক পৌৰসভা, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়কে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। ৯০ দশকৰ পৰা ছাত্ৰ সন্থা তথা ৰাইজে টীয়কক কৃষি মহকুমা হিচাপে ঘোষণা কৰিবলৈ দাবী জনোৱাৰ পাছতো আজি পৰ্যন্ত সেয়া চৰকাৰে কাৰ্যকৰী নকৰিলে। পুনৰবাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা টীয়কৰ বৃহত্তৰ স্বাৰ্থত কৃষি মহকুমা হিচাপে ঘোষণা কৰিবলৈ টীয়কৰ ৰাইজৰ হৈ আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা আৰু সম্পাদক প্ৰশান্ত দত্তই ছাত্ৰ সন্থাৰ লগতে যুৱ ছাত্ৰ পৰিষদ তথা বৃহত্তৰ টীয়কবাসী ৰাইজে টীয়কক কৃষি মহকুমা ঘোষণাৰ দাবী জনাই অহাৰ পাছতো চৰকাৰে আজি লৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ কথাতোত তেওঁলোকে আক্ষেপ প্ৰকাশ কৰে। তৎকালীনভাৱে অসম চৰকাৰে টীয়কক কৃষি মহকুমা হিচাপে ঘোষণা কৰিবলৈ দাবী জনাইছে তেওঁলোকে। আনহাতে দুয়োটা সংগঠনে টীয়কৰ বৃহত্তৰ স্বাৰ্থত মাৰ্চৰ প্ৰথম সপ্তাহৰ পৰা ধাৰাবাহিকভাৱে টীয়কক কৃষি মহকুমা ঘোষণাৰ দাবীৰে ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী, সভা-সমিতি পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in