লকডাউনৰ বাবে ক্ষতিগ্ৰস্থ টেন্ট হাউছৰ মালিক-কৰ্মচাৰী, বঢ়মপুৰ ৰভা ঘৰ সন্থাৰ অধীনস্থ প্ৰায় ৩৫০জন কৰ্মচাৰীৰ মাজত হাহাকাৰ

লকডাউনৰ বাবে ক্ষতিগ্ৰস্থ টেন্ট হাউছৰ মালিক-কৰ্মচাৰী, বঢ়মপুৰ ৰভা ঘৰ সন্থাৰ অধীনস্থ প্ৰায় ৩৫০জন কৰ্মচাৰীৰ মাজত হাহাকাৰ

ডিজিটেল সংবাদ, চামগুৰিঃ লকডাউনৰ বাবে এতিয়া চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে টেন্ট হাউছৰ মালিক তথা কৰ্মচাৰী সকল। বিয়া-সবাহ, অন্নপ্ৰসন্ন, জন্মদিনকে আদি কৰি বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানত অতি প্ৰয়োজনীয় হিচাপে চৰ্চিত টেন্ট হাউছৰ মালিক তথা কৰ্মচাৰী সকলে বিগত বহু দিন ধৰি চলি থকা লকডাউনৰ বাবে কোনো ধৰণৰ ভাড়া মাৰিব পৰা নাই। যাৰ ফলত এতিয়া চৰম বিপদত পৰিছে নগাঁৱৰ বঢ়মপুৰ, পুৰণিগুদাম, চলচলী, উৰিয়াগাওঁ আৰু চাপানালা পঞ্চায়তৰ অধীনৰ টেন্ট হাউছৰ মালিক তথা কৰ্মচাৰী সকল।

যাৰ বাবে এতিয়া বঢ়মপুৰ উন্নয়ন খণ্ডৰ অধীনস্থ টেন্ট হাউছৰ মালিকৰ দ্বাৰা ২০২০ বৰ্ষৰ এক জানুৱাৰীত গঠিত বঢ়মপুৰ ৰভাঘৰ সন্থাই বৃহস্পতিবাৰে চলচলী জলাহগাৱঁত সামাজিক দূৰত্ব বজাই ৰাখি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি চৰকাৰ-প্ৰশাসনক ক্ষতিপূৰণ দিবৰ বাবে দাবী জনাইছে। উল্লেখ্য যে, প্ৰতিবছৰে বহাগ মাহত বঢ়মপুৰ ৰভা ঘৰ সন্থাৰ অধীনস্থ প্ৰতিজন টেন্ট হাউছৰ মালিকে গড়ে প্ৰায় ২.৫০লাখৰ পৰা ৩লাখ টকাৰ টেন্ট হাউছৰ ভাড়া লাভ কৰিছিল কিন্তু এইবাৰ লকডাউনে এই উপাৰ্জন শূণ্য কৰিলে বুলি প্ৰতিবাদী সভাখনতে বঢ়মপুৰ ৰভাঘৰ সন্থাৰ সভাপতি/সম্পাদক ক্ৰমে ৰজনী বৈৰাগী আৰু হেমকান্ত শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে।

এতিয়া লক ডাউনৰ বাবে এইসকল টেন্ট হাউছৰ মালিকৰ উপাৰ্জন শূণ্য হৈ পৰাত তেওঁলোকৰ অধীনস্থ প্ৰায় ৩০০ৰ পৰা ৩৫০জন কৰ্মচাৰীয়ো বিপদত পৰিছে।টেন্ট হাউছকে কৰ্ম জীৱন হিচাপে বাছি লোৱা খাটিখোৱা কৰ্মচাৰী সকলে এতিয়া নিজৰ দৰিদ্ৰ পৰিয়াল পোহপাল দিবলৈ অপাৰগ হৈ পৰিছে ।মুঠতে লক ডাউনৰ বাবে এতিয়া টেন্ট হাউছৰ লগত জড়িত বহু পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।

কিন্তু চৰকাৰে লক ডাউনৰ সময়ত ক্ষতিগ্ৰস্থ হোৱা অন্যান্য বিষয়ত জড়িত লোকৰ বাবে ক্ষতিপূৰণ হিচাপে সাহাৰ্য্য আগবঢ়াইছে যদিও এইসকল টেন্ট হাউছৰ মালিক তথা কৰ্মচাৰীক একো ক্ষতিপূৰণ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া নাই।যাৰ বাবে এতিয়া বঢ়মপুৰ ৰভাঘৰ সন্থাৰ অধীনস্থ টেন্ট হাউছৰ মালিক তথা কৰ্মচাৰী সকলে চৰকাৰক উপযুক্ত ক্ষতিপূৰণ দিবৰ বাবে দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in