ঋণ পৰিশোধ কৰিব নোৱাৰি ৮২টা পুৰস্কাৰ নিলাম কৰিলে এসময়ৰ তাৰকা টেনিছ খেলুৱৈয়ে…

ঋণ পৰিশোধ কৰিব নোৱাৰি ৮২টা পুৰস্কাৰ নিলাম কৰিলে এসময়ৰ তাৰকা টেনিছ খেলুৱৈয়ে…

ডিজিটেল ডেস্কঃ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই জাৰ্মানৰ প্ৰাক্তন টেনিছ খেলুৱৈ বৰিছ বেকৰে নিলাম কৰিব লগা হৈছে নিজৰ পুৰস্কাৰসমূহ। সোমবাৰৰ পৰা অনলাইনযোগে খেলুৱৈগৰাকীৰ পুৰস্কাৰ সমূহৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ব্ৰিটিছ নিলাম কোম্পানী ৱাইলছ হণ্ডীয়ে সোমবাৰৰ পৰা অনলাইনযোগে এই পুৰস্কাৰসমূহৰ নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰে। উইম্বল্ডনৰ ইতিহাসত খিতাপ অৰ্জন কৰা টেনিছ খেলুৱৈ বেকৰক এসময়ত আগশাৰীৰ টেনিছ খেলুৱৈ হিচাপে আখ্যা দিয়া হৈছিল। তেওঁ মাত্ৰ ১৭ বছৰ বয়সতে তিনিটাকৈ গ্ৰেণ্ড শ্লেম জয়ী হৈছিল।

উল্লেখ্য যে, সোমবাৰৰ পৰা আৰম্ভ হোৱা এই নিলাম প্ৰক্ৰিয়াত টেনিছ খেলুৱৈ বেকৰে ঋণ পৰিশোধ কৰিবলৈ নিজৰ পদক, পুৰস্কাৰ, ঘড়ী আৰু ফটোসহ মুঠ ৮২টাকৈ সামগ্ৰী নিলাম কৰিব। আৰু নিলামী কোম্পানীটোৱে নিজা ৱেবছাইটযোগে জনোৱা অনুসৰি, এই নিলাম প্ৰক্ৰিয়া অহা ১১ জুলাই, ২০১৯লৈ চলিব।

জাৰ্মানৰ এই টেনিছ খেলুৱৈগৰাকীয়ে নিলাম কৰিব লগা পুৰস্কাৰ সমূহৰ ভিতৰত আছে চেলেঞ্জ কাপ, তিনিটা ৰেনশ কাপ আদি। ১৯৯০চনত উইম্বল্ডনৰ ফাইনেল মেচত লাভ কৰা পদক, ১৯৮৯চনত ইৱান লেন্ডলত লাভ কৰা ইউ এছ অপেনৰ ৰূপৰ পদক আদিও নিলাম কৰিব এই খেলুৱৈগৰাকীয়ে।

প্ৰাক্তন টেনিছ খেলুৱৈগৰাকীয়ে তথা ছয়বাৰকৈ গ্ৰেণ্ড শ্লেম চেম্পিয়নগৰাকীৰ ওপৰত লাখ লাখ পাউণ্ডৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। আৰু অনুমান কৰা হৈছে যে এই নিলাম প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁ সম্পূৰ্ণ ঋণ পৰিশোধ কৰিবলৈ সক্ষম নহ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in