সমগ্ৰ দেশতে কোভিড ভেকচিন বিনামূলীয়া কৰাৰ দাবীত প্ৰধানমন্ত্ৰী লৈ পত্ৰ ট্ৰেড ইউনিয়নৰ…

সমগ্ৰ দেশতে কোভিড ভেকচিন বিনামূলীয়া কৰাৰ দাবীত প্ৰধানমন্ত্ৰী লৈ পত্ৰ ট্ৰেড ইউনিয়নৰ…

ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী বিনামূলীয়া কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনালে দেশৰ ১০ টা ট্ৰেড ইউনিয়নে । প্ৰধানমন্ত্ৰী মোদীলৈ এক পত্ৰ যোগে এই আহ্বান জনাই সংগঠন সমূহে । দেশৰ সকলো শ্ৰমিককে ধৰি সকলো জনসাধাৰনক বিনামূলীয়া টিকাকৰণ কৰিব লাগে আৰু এই ক্ষেত্ৰত ভাৰত চৰকাৰে পদক্ষেপ গ্ৰহন কৰিব লাগে বুলি পত্ৰত উল্লেখ কৰে সংগঠন কেইটাই ।

ট্ৰেড ইউনিয়ন সমূহে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা ১১ দফাৰ পত্ৰ খনত লকডাউন আৰু নৈশ সান্ধ্য আইনৰ সময়ত যাতে কোনো শ্ৰমিকৰ দৰমহা কৰ্তন নকৰাৰ দাবী উত্থাপন কৰে । এউই ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰয়োজনীয় আদেশ জাৰি কৰা উচিত ।সংগঠন সমূহে কয় যে ১ মে'ত শ্ৰমিক দিৱসত সকলো ট্ৰেড ইউনিয়নৰ শ্ৰমিক আৰু নেতাসকলে তেওঁলোকৰ দাবী কোভিড প্ৰট'কলৰ মানি সমগ্ৰ দেশতে প্ৰদৰ্শন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in