কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

কাজিৰঙাত ভালুকৰ আক্ৰমণত অস্থায়ী বনকৰ্মী আহত

ডিজিটেল সংবাদ,বোকাখাত : কাজিৰঙাত বৃহস্পতিবাৰে ভালুকৰ আক্ৰমণত এজন অস্থায়ী বনকৰ্মী আহত হয়। কাজিৰঙা নিবাসী আহত বনকৰ্মী জনৰ নাম মনোজ গগৈ।কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ দুসুতী বনশিবিৰ এলেকাত কৰ্তব্যৰত অৱস্থাত থকা সময়ত অতৰ্কিতে ভালুকে আক্ৰমণ কৰি আহত কৰে বনকৰ্মীজনক।

অৱশ্যে সহযোগী বনকৰ্মীয়ে শূণ্যলৈ গুলী চালনা কৰাত ৰক্ষা পৰে বন কৰ্মীজন।আহত বনকৰ্মীকজনক বিভাগীয় বাহনেৰে বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰে হয়।ভালুকৰ আক্ৰমণত ফলত বনকৰ্মীজন গুৰুত্বৰ ভাৱে আহত হোৱা নাই বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in