তেলেংগানাত কৰুণ ঘটনা! বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ৭ বছৰীয়া শিশুৰ…

তেলেংগানাত কৰুণ ঘটনা! বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ৭ বছৰীয়া শিশুৰ…

ডিজিটেল ডেস্কঃ মঙলবাৰে তেলেংগানাত বিদ্যুৎস্পৃষ্ট হৈ ৭ বছৰীয়া এটি শিশুৰ মৃত্যু। ৰাজ্যখনৰ ৰংগা ৰেড্ডী জিলাত এটি ৭ বছৰীয়া শিশুৱে এটা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃ্ত্যুক সাৱটে।

তাৰ পাছতেই শিশুটিক হাস্পতাললৈ পৰিয়ালৰ লোকে লৈ গৈছিল যদিও, চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। ইফালে, সমগ্ৰ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হয়। আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in