এটা স্মাৰ্টফোনৰ বাবে ১৭ বছৰীয়া কিশোৰে বিক্ৰী কৰিলে নিজ পত্নীক…

এটা স্মাৰ্টফোনৰ বাবে ১৭ বছৰীয়া কিশোৰে বিক্ৰী কৰিলে নিজ পত্নীক…

ডিজিটেল ডেস্কঃ এটা স্মাৰ্টফোনৰ বাবে নিজৰ পত্নীকেই বিক্ৰী কৰিলে এগৰাকী নাবালকে। এগৰাকী ১৭ বছৰীয়া কিশোৰে নৱ বিবাহিত পত্নীক এটা স্মাৰ্টফোনৰ বাবে বিক্ৰী কৰিলে ৰাজস্থানৰ ৫৫ বছৰীয়া এগৰাকী ব্যক্তিক। এই ঘটনা সংঘটিত হৈছে উৰিষ্যাত। উৰিষ্যত সংঘটিত হোৱা এই ঘটনাই এতিয়া সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উৰিষ্যাৰ সুলেশা গাঁৱৰৰ ৰাজেশ ৰাণা নামৰ কিশোৰজনে সামাজিক মাধ্যমৰ জৰিয়তেই এগৰাকী মহিলাৰ সংস্পৰ্শলৈ আহিছিল। ইয়াৰ পাছত দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰেম। এই প্ৰেমৰ পৰিণতিতেই মহিলাগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিগত আগষ্ট মাহত উৰিষ্যাৰ পৰা তেওঁলোকে ৰাজস্থানলৈ কৰ্মৰ বাবে যায়।

ৰাজস্থানৰ এটা উদ্যোগত দুয়োৱে কাম আৰম্ভ কৰে। ইয়াৰ পিছতে ৰাজেশে এটা দামী স্মাৰ্টফোনৰ বাবেই নিজৰ পত্নীক ৫৫ বছৰীয়া এজন ব্যক্তিক বিক্ৰী কৰে। আৰক্ষীয়ে ভাষ্যত এই তথ্য প্ৰকাশ পাইছে। ইয়াৰ পাছত ৰাজেশ নিজৰ গাঁৱলৈ ঘূৰি আহে আৰু তেওঁৰ পত্নীৰ পিতৃৰ আগত কয় যে তেওঁৰ পত্নী আন কাৰোবাৰ লগত পলাই যায়।

ৰাজেশৰ এই মন্তব্যত সন্দেহ হোৱাত ৰাজেশৰ শহুৰ দেউতাকে আৰক্ষীৰ কাষ চাপে। ইয়াৰ পাছতে আৰক্ষীয়ে ৰাজেশক সোধ-পোছৰ বাবে আটক কৰি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ পাছতে সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ আহে। ৰাজস্থানৰ ব্যক্তিগৰাকীয়ে দাবী কৰিছে যে ৰাজেশক তেওঁ পত্নীৰ বিনিময়ত ১.৮ লাখ টকা পৰিশোধ কৰিছে।

ইফালে ৰাজেশে আৰক্ষীক প্ৰদান কৰা ভাষ্য অনুসৰি তেওঁৰ হাৰ্টৰ অপাৰেচনৰ বাবে ৬০ হাজাৰ টকাৰ প্ৰয়োজন হোৱাত পত্নীক বন্ধকত হে থৈছিল। বিক্ৰী কৰা নাছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in