নাগালেণ্ডৰ গণহত্যাৰ তদন্ত কৰিবলৈ মেজৰ জেনেৰেলৰ তত্বাৱধানত তদন্তকাৰীৰ দল : ২১ নং পেৰা কমাণ্ডোৰ ইউনিটক নিলম্বন…

নাগালেণ্ডৰ গণহত্যাৰ তদন্ত কৰিবলৈ মেজৰ জেনেৰেলৰ তত্বাৱধানত তদন্তকাৰীৰ দল : ২১ নং পেৰা কমাণ্ডোৰ ইউনিটক নিলম্বন…

ডিজিটেল সংবাদ ৱাখা : যোৱা ৪ আৰু ৫ ডিচেম্বৰত নাগালেণ্ডৰ ম'ন জিলাৰ অটিঙত সেনাৰ ভুৱা এম্বুশত ১৪ গৰাকীকৈ নিৰীহ নাগৰিকে প্ৰাণৰ হেৰুওৱা ঘটনাৰ তদন্ত বাবে সেনাৰ বিশেষ তদন্তকাৰী দল বুধবাৰে মন জিলাৰ টিজিত আৰক্ষী থানাত উপস্থিত হ'ব । ক'হিমাত মঙ্গলবাৰে প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সেনাৰ এগৰাকী মেজৰ জেনেৰেল নেতৃত্বত সেনাৰ তদন্তকাৰী দলটো সোমবাৰে আহি ক'হিমাত উপস্থিত হৈছে । দলটোৱে বুধবাৰে পুৱা টিজিত থানাত উপস্থিত হৈ যোৱা ৪ আৰু ৫ ডিচেম্বৰত সেনাৰ গুলীবৰ্ষণৰ সন্দৰ্ভত গাওঁবাসীৰ হাতত থকা প্ৰথম পক্ষৰ প্ৰাথমিক সাক্ষ্য তথ্য প্ৰমাণ সংগ্ৰহ কৰিব ।

ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে তেওঁলোকৰ হাতত থকা ভিডিঅ, ফটো আদি তথ্য টিজিত থানাত জমা দিব পাৰিব। তথ্য- প্ৰমাণ দিয়া লোকৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ'ব বুলি তদন্তকাৰী দলটোৱে জানিবলৈ দিছে । তদুপৰি তদন্তকাৰী দলটোৱে ঘটনাস্থলিত পৰিদৰ্শন কৰি এম্বুশৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব । ইপিনে সেনাই নাগালেণ্ডবাসীক এই বুলি আশ্বাস প্ৰদান কৰিছে যে অটিঙৰ ঘটনাৰ তদন্ত সম্পূৰ্ণ স্বচ্ছ আৰু দক্ষতাৰে আগবাঢ়িব । ঘটনাৰ সৈতে জড়িত সেনাৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তদুপৰি ৰাজ্য চৰকাৰে গঠন কৰা এছ আই টিৰ অনুসন্ধান আৰু তদন্তত সেনাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।

জানিব পৰামতে ২৩ ডিচেম্বৰৰ নতুন দিল্লীত হোৱা বৈঠকৰ পিছতে গৃহমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অটিঙ ঘটনাৰ নিৰেপক্ষ আৰু স্বচ্ছ তদন্ত বাবে ইতিমধ্যে ৪ ডিচেম্বৰৰ এম্বুশৰ সৈতে জড়িত সেনাৰ ২১নং পেৰা কমাণ্ডোৰ ইউনিটটোক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । ইফালে ভাৰতীয় জাতীয় কংগ্ৰেছে অটিঙৰ ঘটনাত নিহত পৰিয়াললৈ ১ কোটি টকাকৈ ক্ষতিপূৰণ দাবী কৰিছে । অল ইণ্ডিয়া কংগ্ৰেছৰ নাগালেণ্ডৰ তত্ববধায়ক অজয় কুমাৰে নিৰীহ নাগৰিকৰ ওপৰত সেনাৰ এই অভিযানক সমালোচনা কৰি পীড়িত পৰিয়ালৰ বাবে এক কোটি টকাকৈ আৰু আহতসকলৰ বাবে ১০ লাখ টকাকৈ ক্ষতিপূৰণ দাবী কৰে ।

তেওঁ তদন্ত বাবে গঠন কৰা এছ আই টিত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ অধ্যক্ষতাত ন্যায় আয়োগ গঠন কৰিবলৈ দাবী জনায় । অজয় কুমাৰে কয় নাগালেণ্ডৰ পৰা আফস্পা বাতিলৰ বাবে নিৰীক্ষণ সমিতি গঠন কৰাৰ অৰ্থ নাই । ই পোনপটীয়াকৈ বাতিল হ'ব লাগে । তেওঁ এন এছ চি এনৰ সৈতে কেন্দ্ৰীয় চৰকাৰ , মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ বিৰতি আৰু নগা শান্তি আলোচনাৰ কাৰ্যকৰী কৰাত বিলম্ব হোৱাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে । কংগ্ৰেছৰ নেতা গৰাকীয়ে অটিঙৰ নৰসংহাৰৰ ঘটনাৰ তদন্তৰ এক স্বাধীন স্বচ্ছ তদন্ত আয়োগ প্ৰয়োজন বুলি কয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in