২৬ বছৰীয়া পৰাজয়ৰ পৰম্পৰা অটুট, মুক্তি নাপালে পাকিস্তানে…

২৬ বছৰীয়া পৰাজয়ৰ পৰম্পৰা অটুট, মুক্তি নাপালে পাকিস্তানে…

ডিজিটেল ডেস্কঃ বিশ্বকাপৰ সবাতোকৈ ৰোমাঞ্চকৰ মেচখনত বিজয় সাব্যস্ত কৰিলে টীম ইণ্ডিয়াই। বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলা ২২ সংখ্যক মেচখনত ৮৯ ৰাণত জয়ী হয় টীম ইণ্ডিয়া। মানচেষ্টাৰত খেলা এই খেলখনত ভাৰতে প্ৰথমে বেটিং কৰি ৫০ অভাৰত ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৩৩৬ ৰান। ৩৩৭ ৰাণৰ লক্ষ্য আগলৈ খেলপথাৰত নমা পাকিস্তানে ১৩ ৰানতে হেৰুৱায় প্ৰথমটো উইকেট।

ইয়াৰ পাছতে পাকিস্তানৰ মিডিল অৰ্ডাৰৰ বেটচমেন সকলে খেলখন ধৰি ৰখাৰ চেষ্টা কৰে যদিও ভাৰতীয় বলাৰৰ সমুখত প্ৰয়োজনীয় ৰাণ সংগ্ৰহ কৰাত বিফল হয়। শেষত প্ৰতিকুল বতৰৰ বাবে খেলখন ক্ৰিকেটৰ ডি এল এছ পদ্ধতিৰ যোগেদি পাকিস্তানক ৪০ অভাৰত ৩০২ ৰাণৰ লক্ষ্য বান্ধি দিয়া হয়। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে ৪০ অভাৰত সংগ্ৰহ কৰে মাত্ৰ ২১২ ৰাণ। আৰু এনেকৈয়ে ৮৯ ৰাণৰ ব্যৱধানত জয়ী হয় টীম ইণ্ডিয়া।

ইফালে মেচখন চলি থকাৰ মাজতে বতৰে দিয়া বিধি পথালিৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় দুয়োটা দল। ইফালে বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সপ্তমবাৰৰ বাবে ভাৰতে বিজয় সাব্যস্ত কৰিছে। পাকিস্তানৰ সৈতে এই জয়ৰ পাছত টীম ইণ্ডিয়াৰ ছেমী ফাইনেলত স্থান পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। বিশ্বকাপৰ পইণ্ট তালিকাত ভাৰতৰ স্থান এতিয়া তৃতীয়।

দেওবাৰ মেচখনত মেন অৱ দ্য মেচ খিতাপ লাভ কৰে ৰোহিত শৰ্মাই। ১১৩ টা বলত ১৪০ ৰান সংগ্ৰহ কৰিছিল ৰোহিতে। পাকিস্তানৰ সৈতে বিজয় সাব্যস্ত কৰাৰ পাছত সমগ্ৰ দেশজুৰি ক্ৰিকেটপ্ৰেমী সকলৰ মাজত বৈছে আনন্দৰ বন্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in