দক্ষিণ আফ্ৰিকা, ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণা…

দক্ষিণ আফ্ৰিকা, ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দল ঘোষণা…

ডিজিটেল ডেস্কঃ বি চি চি আইয়ে দেওবাৰে ঘোষণা কৰিলে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হবলগীয়া টি-২০ শৃংখলা আৰু ইংলেণ্ডৰ লগত অনুষ্ঠিত হবলগীয়া একমাত্ৰ টেষ্টখনৰ বাবে ভাৰতীয় দল। ভাৰতৰ মাটিত অনুষ্ঠিত হ'বলগীয়া টি-২০ শৃংখলাখনত মুঠ ৫ খন মেচ অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে একমাত্ৰ টেষ্টখন ভাৰতে ইংলেণ্ডৰ মাটিত খেলিব।

টি-২০ শৃংখলাৰ বাবে বি চি চি আইয়ে কে এল ৰাহুলক অধিনায়কৰ দায়িত্ব দিয়াৰ লগতে ঋষভ পণ্টক দলটোৰ উপ-অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছে । গুৰুত্বপূৰ্ণ কথাটো হ'ল আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰখা দীনেশ কাৰ্তিকক পুনৰ দললৈ ঘূৰাই অনা হৈছে । দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘোষিত ভাৰতীয় দলটোত স্থান লাভ কৰিছে দীনেশ কাৰ্তিকে ।

আনহাতে বহু কেইজন জ্যেষ্ঠ খেলুৱৈক এই টি-২০ শৃংখলাৰ পৰা বিশ্ৰাম দিয়া হৈছে । এই শৃংখলাৰ পৰা বাদ পৰা তাৰকা ক্ৰিকেটাৰৰ ভিতৰত আছে বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহ । একেদৰে ভাৰতীয় দললৈ আমন্ত্ৰণ জনোৱা হৈছে তৰুণ ক্ৰিকেটাৰ উমৰান মালিকক । আই পি এলৰ পিছতেই ৯ জুনৰ পৰা ১৯ জুনলৈ ভাৰতৰ মাটিত অনুষ্ঠিত হ'ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ এই টি-২০ দ্বিপাক্ষিক শৃংখলা ।

ভাৰত-দক্ষিণ আফ্ৰিকাৰ এই টি-২০ শৃংখলা দুয়োটা দলৰ বাবেই অতি গুৰুত্বপূৰ্ণ । কিয়নো সন্মুখত আছে টি-২০ ক্ৰিকেট বিশ্বকাপ । এই বিশ্বকাপত স্থান লাভৰ বাবে ক্ৰিকেটাৰসকলে নিশ্চিতভাৱে শৃংখলাটোত উন্নত প্ৰদৰ্শন আগবঢ়াব লাগিব । বিশ্বকাপৰ প্ৰতি লক্ষ্য কৰিয়েই নিৰ্বাচকে জ্যেষ্ঠসকলক বিশ্ৰাম প্ৰদান কৰি বহু যুৱ খেলুৱৈক দলত স্থান দিছে । যুৱ ক্ৰিকেটাৰসকলে লাভ কৰা এই সুযোগক কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয় ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা টি-২০ শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত ৯ জুনত দিল্লীত অনুষ্ঠিত হ'ব । দ্বিতীয়খন মেচ ১২ জুনত কটকত, তৃতীয়খন মেচ ১৪ জুনত বিশাখাপত্তনম, চতুৰ্থখন মেচ ১৭ জুনত ৰাজকোটত আৰু পঞ্চমখন মেচ ১৯ জুনত বেংগালুৰুত অনুষ্ঠিত হ'ব ।

বিচিচিআইয়ে ভাৰত-দক্ষিণ আফ্ৰিকাৰ বাবে ঘোষণা কৰা দলটো– কে এল ৰাহুল (অধিনায়ক), ঋতুৰাজ গায়কোৱাড়, ঈশান কিষাণ, দীপক হুদা, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত (উপ-অধিনায়ক, উইকেটকীপাৰ), দিনেশ কাৰ্তিক (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, য়ুজবেন্দ্ৰ চাহল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ৰবি বিষ্ণই, ভূৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অভেশ খান, আবেশ খান, অৰ্শদীপ সিং আৰু উমৰান মালিক ।

ইফালে বি চি চি আইয়ে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হবলগীয়া একমাত্ৰ টেষ্টখনৰ বাবে ঘোষণা কৰা দলটোত অধিনায়কৰ দায়িত্বত আছে ৰোহিত শৰ্মা আৰু উপ-অধিনায়ক কে এল ৰাহুল। গুৰুত্বপূৰ্ণ কথাটো হল দলটোলৈ ঘূৰি আহিচে চেতেশ্বৰ পূজাৰা। ইয়াৰ উপৰিও দলটোত স্থান দিয়া হৈছে নৱাগত প্ৰসিদ্ধ কৃষ্ণক।

ইংলেণ্ডৰ মাটিত ভাৰতীয় টেষ্ট দলটোৱে ইংলেণ্ডৰ বিপক্ষে অংশ ল'ব একমাত্ৰ টেষ্টখনত । ১ জুলাইৰ পৰা ৫ জুলাইলৈ ইংলেণ্ডৰ বাৰ্মিংহামৰ এজবাষ্টন ক্ৰিকেট গ্ৰাউণ্ডত খেলিব একমাত্ৰ টেষ্টখন । ইয়াৰ বাবে ভাৰতীয় টেষ্ট দলটো ২২ মে', দেওবাৰে ঘোষণা কৰা হৈছে ।

আনহাতে দলটোত স্থান লাভ নকৰিলে অভিজ্ঞ জ্যেষ্ঠ খেলুৱৈ আজিংক্য ৰাহানে আৰু শেহতীয়াকৈ বিতৰ্কত সোমাই পৰা ঋদ্ধিমান সাহাই । ঘোষিত ভাৰতীয় দলটোত পেচ বলাৰ উমেশ যাদৱ, অলৰাউণ্ডাৰ শাৰ্দুল ঠাকুৰকো অন্তৰ্ভুক্ত কৰা হৈছে ।

ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া একমাত্ৰ টেষ্টখনৰ বাবে ঘোষিত ভাৰতীয় দলটো : ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল (উপ-অধিনায়ক), শুভমন গিল, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, হনুমা বিহাৰী, চেতেশ্বৰ পূজাৰা, ঋষভ পন্ট (উইকেটকীপাৰ), কে এছ ভাৰত (উইকেটকীপাৰ), ৰবীন্দ্ৰ জাদেজা, ৰবিচন্দ্ৰন অশ্বিন, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, উমেশ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in