শিক্ষক দিৱসৰ দিনটোতে অনশনৰ বাবে প্ৰস্তুত শিক্ষক সমাজ

শিক্ষক দিৱসৰ দিনটোতে অনশনৰ বাবে প্ৰস্তুত শিক্ষক সমাজ

ডিজিটেল ডেস্কঃ শিক্ষকসকলৰ নামত এটা বিশেষ দিন। বৃহস্পতিবাৰে দেশজুৰি পালন হ'ব শিক্ষক দিৱস। সকলো ছাত্ৰ-ছাত্ৰীয়ে শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ গুণানুকীৰ্তনেৰে পালন কৰিব দিনটো। ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন, দৰ্শন আৰু কীৰ্তিৰ মন্থনেৰে পালন কৰা হ'ব শিক্ষক দিৱস।

দেশৰ লগতে ৰাজ্যজুৰি উদযাপিত হৈছে এই দিৱস। প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লি ৰাধাকৃষ্ণণৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় শিক্ষক দিৱসৰ। শিক্ষক দিৱস উপলক্ষে শিক্ষকসকলক অভিনন্দন জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পুৱাতে টুইটাৰযোগে শিক্ষক দিৱসৰ শুভেচ্ছা জনোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে প্ৰতিবাদৰ বাবে সাজু হৈছে কেইবাটাও শিক্ষকৰ সংগঠন। নায্যপ্ৰাপ্য দাবী ৰাজপথলৈ ওলাই আহিব শিক্ষকসকল।

বৃহস্পতিবাৰে দেশে শিক্ষক দিৱস পালন কৰাৰ সময়তে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰতীকি অনশনত বহিব ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰী। অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ নেতৃত্বত অনুষ্ঠিত হ'ব এই প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্য যে, ২০১৮ বৰ্ষতো এই বিশেষ দিনটোত শিক্ষক সকলৰ সংগঠনটো প্ৰতিবাদত বহিছিল। তেওঁলোকে ৰাজভৱন যাত্ৰা কৰিছিল। তাৰ পিছতে তেওঁলোক চৰকাৰৰে আলোচনাত বহিছিল যদিও কোনো সুফল নোলাল। ইফালে কম্পিউটাৰ শিক্ষক সকলেও বৃহস্পতিবাৰে বৰ্জন কৰিব শিক্ষক দিৱসৰ কাৰ্যসূচী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in